পুঞ্চ,2 জানুৱাৰী: পাকিস্তানৰ 14 বছৰীয়া যুৱক আলী হাইদৰে ভুলক্ৰমে ভাৰতত প্ৰৱেশ কৰি বন্দী হৈছিল সীমান্তৰ সুৰক্ষাত নিয়োজিত কৰ্মীৰ হাতত ৷ সম্প্ৰতি পুঞ্চত আছে যুৱকগৰাকী ৷ পুঞ্চ আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়া ৰমেশ অংগৰালে এই সন্দৰ্ভত কয় যে, পু়্ঞ্চ জিলাত জম্মু-কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে বৃহস্পতিবাৰে নিশা অজোত গাঁৱৰ সমীপৰ বতৰনালেত কৰায়ত্ত কৰে যুৱকজনক ৷ ধৃত যুৱক আলী হাইদৰ পাক অধিকৃত কাশ্মীৰৰ মীৰপুৰৰ বাসিন্দা ৷
বহু সোধ-পোছৰ অন্তত যুৱকজন ভুলক্ৰমে ভাৰতত প্ৰৱেশ কৰাতো প্ৰমাণিত হৈ পৰে ৷ সেয়ে শীঘ্ৰে পাকিস্তানলৈ ঘূৰাই পঠিওৱা হ’ব যুৱকজনক ৷ এই সন্দৰ্ভত পাকিস্তান আৰক্ষীৰ শীৰ্ষ সূত্ৰৰ সৈতে যোগাযোগ কৰা হৈছে ৷