নেশ্যনেল ডেস্ক, 25 অক্টোবৰ:উত্তৰ প্ৰদেশৰ খাগা এলেকাৰ এখন গাঁৱত এজন কিশোৰে এটি 5 বছৰীয়া কণমানিক ধৰ্ষণ কৰে ৷ দেওবাৰে এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে এই বিষয়ে ৷
খাগা আৰক্ষী থানাৰ এগৰাকী বিষয়াই উল্লেখ কৰা অনুসৰি,"এজন 13 বছৰীয়া কিশোৰৰ বিৰুদ্ধে প্ৰদান কৰা অভিযোগৰ ভিত্তিত শনিবাৰে এটা গোচৰ ৰুজু কৰা হয় ৷ কিশোৰজনৰ বিৰুদ্ধে 5 বছৰীয়া কণমানিটোক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ আমি অভিযুক্তক নিজ জিম্মাত লৈছো ৷"
এজাহাৰৰ ভিত্তিত শনিবাৰে দুপৰীয়া প্ৰায় 2 বজাত ঘটনাটো সংঘটিত হয় ৷ স্থানীয় লোকে বিষয়টো নিজৰ মাজতে ঠিক কৰিবলৈ প্ৰয়াস কৰিছিল যদিও, নিৰ্যাতিতাৰ পৰিয়ালে পৰৱৰ্তী সময়ত আৰক্ষীক ঘটনা সন্দৰ্ভে অৱগত কৰে ৷
শিশুটিয়ে ঘৰৰ কাষতে খেলি থকাৰ সময়ত অভিযুক্তই কোনো নিস্তব্ধ স্থানলৈ নি ধৰ্ষণ কৰে বুলি পৰিয়ালৰ সদস্যই জানিবলৈ দিয়ে ৷ ভাৰতীয় দণ্ডবিধিৰ 376 নং ধাৰাৰ POCSO আইনৰ অধীনত এখন গোচৰ ৰুজু কৰা হয় অভিযুক্তৰ বিৰুদ্ধে ৷
লগতে পঢ়ক:পালঘৰত সংঘটিত ধৰ্ষণৰ ঘটনা