নিউজ ডেস্ক, 20 জুনঃ ভাৰতীয় সেনাৰ গৌৰৱত কালিমা সানি এগৰাকী সেনা জোৱানৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ খোদ ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুখ্যালয়ত কৰ্মৰত এগৰাকী জোৱানৰ বিৰুদ্ধে উত্থাপিত হৈছে শিশুক যৌন নিৰ্যাতনৰ অভিযোগ ৷
ইষ্টাৰ্ণ কামাণ্ডৰ মুখ্যালয়ৰ ভিতৰত শিশুক বলাৎকাৰঃ সেনা জোৱান ধৃত - Rape inside Army Camp
কলকাতাস্থিত ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুখ্যালয়ৰ ভিতৰত সংঘটিত হয় এক জঘণ্য কাণ্ড ৷ দেশৰ সুৰক্ষাত নিয়োজিত সেনা জোৱানৰ হাততে নিৰ্যাতিতা হয় এটি কনমানি ৷
![ইষ্টাৰ্ণ কামাণ্ডৰ মুখ্যালয়ৰ ভিতৰত শিশুক বলাৎকাৰঃ সেনা জোৱান ধৃত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3617302-thumbnail-3x2-0.jpg)
ইষ্টাৰ্ণ কামাণ্ডৰ মুখ্যালয়ৰ ভিতৰত শিশুক বলাৎকাৰঃ সেনা জোৱান ধৃত
ঘটনা অনুসৰি কলকাতাৰ ফৰ্ট উইলিয়ামস্থিত ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুখ্যালয়ৰ ভিতৰত সংঘটিত হয় এক ধৰ্ষণৰ ঘটনা ৷ সেনাৰ "গ্ৰুপ ডি"ত কৰ্মৰত এগৰাকী জোৱানে ধৰ্ষণ কৰে মুখ্যালয়ত কৰ্মৰত এগৰাকী সেনা বিষয়াৰ কনমানি জীয়াৰীক ৷ সেনা ছাউনীটোৰ ভিতৰত থকা ওল্ড বাপু লেনস্থিত বিষয়াগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ জোৱানজনে সংঘটিত কৰে এই কাণ্ড ৷ সেনাৰ ফালৰ পৰা জোৱানজনক কলকাতা আৰক্ষীক গটাই দিয়াৰ লগতে আৰক্ষীয়ে পক্স' (POCSO) আইনৰ অধীনত জোৱানজনক অহা 24জুনলৈ আৰক্ষী জিম্মাত লৈ পৰৱৰ্তী সোধা-পোচা অব্যাহত ৰাখিছে ৷