নিউজ ডেস্ক,8জুলাইঃজম্মু-কাশ্মীৰৰ ৰামবান জিলাত মঙলবাৰে এগৰাকী কিশোৰীৰ লগতে দুটাকৈ গৰু ভূমিস্খলনৰ ফলত মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় ৷ উল্লেখযোগ্য যে, দিনৰ 11 মান বজাত হাঁবিত কিছুলোকে গছ কাটি থাকোতে ভূমিস্খলন হৈ প্ৰকাণ্ড গছ এজোপাৰ লগতে পাথৰ বাগৰি অহাৰ ফলতে কিশোৰী গৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷
ভূমিস্খলনত মৃত্যু কিশোৰীৰ
ৰামবান জিলাত মঙলবাৰে এগৰাকী কিশোৰীৰ লগতে দুটাকৈ গৰু ভূমিস্খলনৰ ফলত মৃত্যুক আকোৱালি লবলগীয়া হয় ৷
জম্মু-কাশ্মীৰত এগৰাকী কিশোৰী ভূমিস্খলনৰ ফলত মৃত্যু
ইপিনে যুৱতীগৰাকীৰ নাম আফিয়া বানো বাদলা আৰু কুমাটেৰ ৰাজাগঢ়া টহচিলৰ বাসিন্দা বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে ৷ আনহাতে যুৱতী গৰাকীয়ে হাঁবিলৈ খৰি কাটিবলৈ যোৱাৰ সময়তে উক্ত ঘটনাটো সংঘটিত হয় ৷ ঘটনাস্থলীত আৰক্ষী বিষয়া উপস্থিত হৈ যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে উল্লেখ কৰে ৷
লগতে পঢ়কঃ বঙাইগাঁও জিলাত এম জি এনৰেগাত ব্যাপক দুৰ্নীতিৰ অভিযোগ