অসম

assam

By

Published : May 23, 2020, 10:20 AM IST

ETV Bharat / bharat

গাৰ নোম শিয়ৰি উঠা ঘটনা : মন্দিৰত জিভা কাটি উৎসৰ্গা এগৰাকী নাৱালিকাৰ

উত্তৰ প্ৰদেশৰ বান্দা জিলাৰ এটা শিৱ মন্দিৰত জিভা উৎসৰ্গা এগৰাকী শিৱ ভক্তৰ । বৰ্তমানে হাস্পতালত চিকিৎসাধীন ভক্ত নাৱালিকাগৰাকী ।

উত্তৰ প্ৰদেশ
মন্দিৰত জিভা কাটি উৎসৰ্গা এগৰাকী নাৱালিকাৰ

উত্তৰ প্ৰদেশ, ২৩ মে': উত্তৰ প্ৰদেশত পোহৰলৈ আহিছে এক শিহৰণকাৰী ঘটনা । জিভা কাটি মন্দিৰত উৎসৰ্গা এগৰাকী নাৱালিকাৰ । উত্তৰ প্ৰদেশৰ বান্দা জিলাত শুকুৰবাৰে সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনাটো ।

আৰক্ষীয়ে জনোৱা মতে, শিৱৰ ভক্ত আছিল নাৱালিকাগৰাকী । যাৰ বাবে নিজৰ জিভা কাটি গাঁৱৰ বাহিৰত নিৰ্মিত মন্দিৰত উৎসৰ্গা কৰে নাৱালিকাগৰাকীয়ে । তাৰ পাচতেই অচেতন হৈ মন্দিৰৰ প্ৰাংগণত পৰি ৰৈছিল নাৱালিকাগৰাকী । মন্দিৰত থকা অন্য কিছুমান লোকে নাৱালিকাগৰাকীক প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ জিলা হাস্পতালত ভৰ্তি কৰায় । আৰক্ষী বিষয়াৰ মতে, অতি ভক্তি আৰু বিশ্বাসৰ বাবেই এই পদক্ষেপ হাতত লৈছিল নাৱালিকাগৰাকীয়ে ।

মন্দিৰত জিভা কাটি উৎসৰ্গা এগৰাকী নাৱালিকাৰ

পৰিয়ালৰ লোকে নাৱালিকাগৰাকী সদায় মন্দিৰলৈ আহে বুলি জানিবলৈ দিয়ে । কিন্তু শুকুৰবাৰে সন্ধিয়া হঠাৎ প্ৰাৰ্থনা কৰি থকাৰ সময়তে নিজৰ জিভা কাটি উৎসৰ্গা কৰে বুলি প্ৰকাশ কৰে । বৰ্তমানে চিকিৎসাধীন হৈ আছে নাৱালিকাগৰাকী ।

ABOUT THE AUTHOR

...view details