নিউজ ডেস্ক, 30 এপ্ৰিলঃ বিনা অনুমতিত সংবাদমেল পাতি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী অদিত্যনাথে COVID-19 মহামাৰীৰ ৰোধৰ বাবে লোৱা ব্যৱস্থা সম্পৰ্কে "কাৰ্যাৱলীৰ ওপৰত প্ৰশ্ন তুলি" গ্ৰেপ্তাৰ হ'ব লগীয়া হৈছিল এগৰাকী কংগ্ৰেছ নেতা । নেতাজনৰ সাত বছৰীয়া পুত্ৰই উচ্চতম ন্যায়ালয়ত এই সম্পৰ্কে দাখিল কৰিছে আবেদন । তেওঁলোকে দাবী কৰিছে যে, তেওঁৰ সেইটো মৌলিক অধিকাৰ আৰু চৰকাৰক প্ৰশ্ন কৰাটো অপৰাধ নহয় ।
কংগ্ৰেছ নেতা জনৰ সাত বছৰীয়ে দুই সন্তানে দাবী কৰে যে, "আমৰহা আৰক্ষীয়ে পিতৃ শচীন চৌধুৰীয়ে সংবাদমেল অনুষ্ঠিত কৰাৰ বাবে 11 এপ্ৰিলত গোচৰ তৰে, য'ত চৰকাৰৰ পদক্ষেপ সমূহৰ কথাহে ৰাইজৰ মাজলৈ লৈ গৈছিল।" তেওঁক গ্ৰেপ্তাৰ কৰি পাচত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।