নিউজ ডেস্ক,8 জানুৱাৰী: কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়ে প্ৰত্যেক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবলৈ এখন জাননী প্ৰেৰণ কৰিছে ৷ এই জাননী খনত শেহতীয়াকৈ দেশৰ কেইবাখনো ৰাজ্যত দেখা দিয়া বাৰ্ড ফ্লুৰ সন্দৰ্ভত গ্ৰহণ কৰিবলগীয়া সতৰ্কতা অৱগত কৰা হৈছে ৷ জাননী খনত কোৱা হৈছে যে, হিমাচল প্ৰদেশকে ধৰি আন কেইবাখনো ৰাজ্যত প্ৰৰিভ্ৰমী চৰাইকে ধৰি অন্যান্য চৰাইৰ বাৰ্ড ফ্লু’ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৷ ইতিমধ্যে ‘National Institute Of High Security Animal Diesease’ত ইয়াৰ নমুনা পৰীক্ষা কৰা হৈছে ৷ য’ত এই চৰাইসমূহ H5N1 এভিয়ান ইনফ্লুয়েঞ্জা ভাইৰাছত আক্ৰান্ত হোৱা বুলি ধৰা পৰিছে ৷
বাৰ্ড ফ্লুৰ বাবে ৰাজ্যসমূহলৈ সতৰ্কতা জাৰি পৰিৱেশ মন্ত্ৰণালয়ৰ - ministry of environment forest and climate change
শেহতীয়াকৈ দেশৰ কেইবাখনো ৰাজ্যত দেখা দিয়া বাৰ্ড ফ্লুৰ সন্দৰ্ভত গ্ৰহণ কৰিবলগীয়া সতৰ্কতা সন্দৰ্ভত এক জাননী প্ৰেৰণ কৰিছে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়ে ৷ এই চৰাইসমূহ H5N1 এভিয়ান ইনফ্লুয়েঞ্জা ভাইৰাছত আক্ৰান্ত হোৱা বুলি ধৰা পৰিছে ৷
এই বিষয়টোক গুৰুত্ব সহকাৰে লৈ পৰৱৰ্তী সময়ত যাতে এই ৰোগ মানৱ দেহৰ লগতে অন্যান্য জীৱ-জন্তুৰ সংস্পৰ্শলৈ নাহে তাৰ বাবে প্ৰত্যেকখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চসমূহক প্ৰয়োজনীয় সাৱধানতা অৱলম্বনৰ বাবে অনুৰোধ জনাইছে পৰিৱেশ মন্ত্ৰণালয়ে ৷ ইয়াৰ উপৰিও চৰাইসমূহ নিৰীক্ষণ কৰি এই ৰোগৰ কোনো লক্ষণ প্ৰত্যক্ষ কৰিলে অতি শীঘ্ৰে ইয়াক নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ কোৱা হৈছে ৷ এই ক্ষেত্ৰত প্ৰয়োজনীয় নিয়মাৱলী সমূহো এই জাননীখনৰ সৈতে সংলগ্ন কৰা হৈছে ৷
লগতে পঢ়ক-পৰৱৰ্তী প্ৰায় তিনিমাহৰ ভিতৰত পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিব অসামৰিক বিমান খণ্ড