নেশ্যনেল ডেস্ক, 30 মাৰ্চ : দেশত কোভিড-19 ৰ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে গ্ৰহণ কৰি আহিছে বিভিন্ন ব্যৱস্থা ৷ স্বাস্থ্য় মন্ত্ৰণালয়ে এই সম্পৰ্কত কিছু নিৰ্দেশাৱলী প্ৰদান কৰাৰ লগতে কোভিড-19 ৰ সৈতে জড়িত স্বাস্থ্য কৰ্মীসকলৰ বাবে জাৰি কৰিছে কিছুমান নিৰ্ধাৰিত সঞ্চালন প্ৰক্ৰিয়াৰ (standard operating procedure) ৷
এই SOP অনুসৰি সকলো সন্দেহযুক্ত লোকক আইচ'লেছন ৱাৰ্ডত ৰখাৰ লগতে গুৰুতৰ ঘটনাসমূহৰ ওপৰত তীক্ষ্ন দৃষ্টি ৰখা উচিত ৷ ইয়াৰোপৰি, ৰোগী কঢ়িওৱা এম্বুলেন্সসমূহো পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ মুৰব্বী চিকিৎসা বিষয়াৰ (CMO/CS) দ্বাৰা নিয়োজিত স্বাস্থ্য কৰ্মীয়েহে এই দায়িত্ব পালন কৰিব ৷
ইয়াৰোপৰি, টেলিফোনিক সেৱাৰ জৰিয়তে ৰোগীৰ পৰা ফোনকল লাভ কৰাৰ পাচত সেই সম্পৰ্কত গ্ৰহণ কৰিবলগা ব্যৱস্থা সম্পৰ্কেও জাননী জাৰি কৰা হয় ৷
এই নিৰ্দেশনা অনুসৰি, 102 এম্বুলেন্স যিহেতু গৰ্ভৱতী মহিলা আৰু ৰোগাক্ৰান্ত শিশুৰ বাবেহে ব্যৱহাৰ কৰা হয় সেয়েহে এই এম্বুলেন্সত কৰ'ণা ৰোগী অনা উচিত নহয় ৷