অসম

assam

ETV Bharat / bharat

লক ডাউনৰ ১৯ দিনৰ অন্তত কাৰ্যালয়ত উপস্থিত মন্ত্ৰী, বিষয়া - লক ডাউন

মহামাৰী কৰ'ণা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে দেশজুৰি পালন কৰা লক ডাউনৰ ১৯ দিনৰ অন্তত সোমবাৰে নিজৰ নিজৰ কাৰ্যালয়ত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী, সংযুক্ত সচিব আৰু উচ্চ পদস্থ বিষয়াসকল । লক ডাউনৰ সময়ছোৱাত দেশৰ অৰ্থনৈতিক ব্যৱস্থাত পৰা প্ৰভাৱকলৈয়ে ১৯ দিনৰ অন্তত কাৰ্যালয়ত উপস্থিত হয় মন্ত্ৰীসকল ।

লক ডাউন
লক ডাউনৰ ১৯ দিনৰ অন্তত নিজৰ নিজৰ কাৰ্যালয়ত উপস্থিত মন্ত্ৰী, বিষয়া

By

Published : Apr 13, 2020, 5:16 PM IST

Updated : Apr 13, 2020, 5:23 PM IST

নিউজ ডেস্ক, ১৩ এপ্ৰিলঃ মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে সমগ্ৰ দেশজুৰি চলা ২১ দিনীয়া লক ডাউনৰ সময়ছোৱাত সোমবাৰে তথা ১৯ দিনৰ পাচত পুনৰ মন্ত্ৰণালয়ত কাম আৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী, সংযুক্ত সচিব তথা বিষয়ববীয়াসকলে ।

লক ডাউনৰ নিয়ম উলংঘা নকৰাকৈয়ে প্ৰায় এক মিটাৰ ব্যৱধানত মন্ত্ৰণালয়ত কাম আৰম্ভ কৰে মন্ত্ৰীসকলে ।

লক ডাউনৰ ১৯ দিনৰ অন্তত নিজৰ নিজৰ কাৰ্যালয়ত উপস্থিত মন্ত্ৰী, বিষয়া

বিত্ত মন্ত্ৰী নিৰমলা সীতাৰমণ, সামাজিক ন্যায় আৰু ক্ষমতা মন্ত্ৰী থাৱৰ চন্দ গহলোট, খেল মন্ত্ৰী কিৰেণ ৰিজেজু আৰু জনজাতীয় বিষয় সন্দৰ্ভৰ মন্ত্ৰী অৰ্জুন মুণ্ডাই সোমবাৰে কাৰ্যালয়ত উপস্থিত হৈ নিজৰ নিজৰ কাম আৰম্ভ কৰে । বিগত সময়ছোৱাত অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লক ডাউন ঘোষণা কৰা পাচত নিজ নিজ বাসগৃহৰ পৰাই কাম চলাই আছিলে মন্ত্ৰী সকলে । কিন্তু লক ডাউনৰ বাবে দেশৰ অৰ্থনৈতিক ব্যৱস্থাত পৰা প্ৰভাৱৰ বাবেই প্ৰধানমন্ত্ৰী ঘোষণা কৰা ২১ দিনীয়া লক ডাউনৰ ১৯ দিনত মন্ত্ৰণালয়ত উপস্থিত হয় মন্ত্ৰীসকল ।

উল্লেখ্য যে, ডাউনৰ পূৰ্বেও মন্ত্ৰী, বিষয়ববীয়া তথা কৰ্মচাৰীসকলে থাৰ্মল স্কেনিঙৰ পাচতহে কাৰ্যালয়ত উপস্থিত হোৱাৰ অনুমতি লাভ কৰিছিল । আৰু বৰ্তমানো থাৰ্মল স্কেনিঙৰ পাচতহে কাৰ্যালয়ত উপস্থিত হোৱাৰ অনুমতি লাভ কৰে মন্ত্ৰী, বিষয়ববীয়াসকলে ।

Last Updated : Apr 13, 2020, 5:23 PM IST

ABOUT THE AUTHOR

...view details