অসম

assam

ETV Bharat / bharat

দিল্লীত আৱদ্ধ উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীৰ বাবে আগবাঢ়ি আহিল ড'নাৰ মন্ত্ৰী জীতেন্দ্ৰ সিং - উপাচাৰ্য অধ্যাপক ডঃ ৱাই চি ত্যাগী

ড'নাৰ মন্ত্ৰী জীতেন্দ্ৰ সিঙে দেওবাৰে দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়নৰত ১৩ গৰাকীকৈ ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহে ।

ড'নাৰ মন্ত্ৰী জীতেন্দ্ৰ সিং
ড'নাৰ মন্ত্ৰী জীতেন্দ্ৰ সিং

By

Published : May 10, 2020, 5:14 PM IST

নিউজ ডেস্ক, ১০ মে' :দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়নৰত উত্তৰ-পূৰ্বাঞ্চলৰ ১৩গৰাকীকৈ ছাত্ৰীক নিজৰ নিজৰ হোষ্টেল খালী কৰি দিবলৈ কোৱাৰ পিচতে তেওঁলোকৰ সহায়ৰ বাবে আগবাঢ়ি আহে ড'নাৰ মন্ত্ৰী জীতেন্দ্ৰ সিং । জীতেন্দ্ৰ সিঙে দেওবাৰে ছাত্ৰীকেইগৰাকীৰ সৈতে কথা-বাৰ্তাত মিলিত লৈ তেওঁলোকে যিমান দিন বিছাৰে সিমান দিনে নিৰ্ধাৰিত স্থানত থাকিব পাৰিব বুলি মন্তব্য কৰে ।

দিল্লী বিশ্ববিদ্যালয়ে নৰ্থ ইষ্টাৰ্ণ ষ্টুডেন্টচ হাউছ ফৰ ৱিমেনত থকা ছাত্ৰীকেইগৰাকীত ৩১ মে'ত সেই স্থান খালী কৰি দিবলৈ কৈছিল । মেছ কন্টেক্ট শেষ হোৱাৰ বাবেই ১০০ গৰাকী শিক্ষাৰ্থী থাকিব পৰা সক্ষমতাৰে পূৰ্ণ হোষ্টেলখনত সদ্যহাতে লকডাউনৰ ফলত থকা ১৩ গৰাকী শিক্ষাৰ্থীক এই নিৰ্দেশ দিছিল দিল্লী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।

জীতেন্দ্ৰ সিঙে প্ৰকাশ কৰা অনুসৰি, তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ ৱাই চি ত্যাগীৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে ছাত্ৰীকেইগৰাকী যিমান দিন বিছাৰে সিমান দিন হোষ্টেলত থাকিবলৈ কয় । কোভিড-১৯ৰ ফলত দেশত চলি থকা লকডাউনৰ সময়ত এইদৰে শিক্ষাৰ্থীৰ লগত কোনোধৰণৰ অন্যায় সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়ে মন্ত্ৰীগৰাকীয়ে ।

আনহাতে জীতেন্দ্ৰ সিঙক তেওঁৰ এই কাৰ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেন ৰিজিজুৱে । টুইট কৰি ৰিজিজুৱে ধন্যবাদ জ্ঞাপন কৰে জীতেন্দ্ৰ সিঙক ।

ABOUT THE AUTHOR

...view details