অসম

assam

ETV Bharat / bharat

ছিমলাত কোটি বছৰীয়া গছৰ ধংসাৱশেষ উদ্ধাৰ - হৰি চৌহান

হিমাচল প্ৰদেশৰ ছিমলাত উদ্ধাৰ হৈছে এজোপা কেবাকোটি বছৰ পুৰণি গছৰ ধংসাৱশেষ । এই ধংসাৱশেষ প্ৰায় ৬৭-২৫০ নিযুত বছৰ অৰ্থাৎ ২৫ কোটি বছৰ পুৰণি বুলি অনুমান কৰা হৈছে ৷

ছিমলাত কোটি বছৰীয়া গছৰ অৱশেষ উদ্ধাৰ

By

Published : May 3, 2019, 11:39 AM IST

নিউজ ডেস্ক, ৩ মেঃ হিমাচল প্ৰদেশৰ ছিমলাত ১ মে' তাৰিখে প্ৰায় কেবা কোটি বছৰ পুৰণি গছৰ ধংসাৱশেষ উদ্ধাৰ হৈছে। ছিমলাৰ খৰাপথাৰ অঞ্চলৰ পৰা এই ধংসাৱশেষ উদ্ধাৰ হোৱাৰ পাছতে হিমাচল প্ৰদেশ ৰাজ্যিক সংগ্ৰহালয়ৰ নিৰীক্ষক হৰি চৌহানে মন্তব্য কৰে যে, এই ধংসাৱশেষ মধ্যজীৱী মহাকল্প অৰ্থাৎ পৃথিৱীত ডাইনোছ'ৰৰ বাসস্থানৰ সময়ৰে। এই অৱশেষ প্ৰায় ৬৭- ২৫০ নিযুত বছৰ অৰ্থাৎ ২৫ কোটি বছৰ পুৰণি বুলি অনুমান কৰিছে হৰি চৌহানে। হিমাচল প্ৰদেশ ভাষা, শিল্প আৰু সংস্কৃতি বিভাগে এই ধংসাৱশেষৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছে।

ছিমলাত কোটি বছৰীয়া গছৰ অৱশেষ উদ্ধাৰ

হৰি চৌহানে লগতে জনায় যে, তেওঁলোকে এনেধৰণৰ আৰু বহু গছৰ চিনাক্তকৰণ কৰি আছে। এই গছজোপাৰ সংৰক্ষণ তথা গৱেষণাৰ বাবে পৰিকল্পনা কৰা হৈছে। সূত্ৰ অনুসৰি অহা সপ্তাহৰ ভিতৰত সংগ্ৰহালয়ৰ এটা দলে গছজোপাৰ নিৰীক্ষণ কৰিব আৰু গছজোপা কিমান পুৰণি তাৰ অনুমান কৰিব পৰা যাব।

ABOUT THE AUTHOR

...view details