নেশ্যনেল ডেস্ক, 9 মে' : 6 মে'ত ছত্তীসগড়ৰ ৰাইগড়ৰ এক কাগজ কলত গেছ নিৰ্গমন হোৱাৰ ফলত চিকিৎসাধীন হৈছিল 7 জনকৈ লোক ৷ এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হৈছে মিল অপাৰটেৰক ৷ হত্যাৰ চক্ৰান্ত কৰাৰ সন্দেহত এক গোচৰ ৰুজু কৰি মিল অপাৰেটৰজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷
উল্লেখ্য যে, এটা ৰিচাইক্লিং চেম্বাৰ পৰিস্কাৰ কৰাৰ সময়ত 'শক্তি পাল্প এণ্ড পেপাৰছ' নামৰ কাগজ কলটোত গেছ নিৰ্গমন হোৱাত মিল অপাৰেটৰ সহ 7 জনকৈ লোক চিকিৎসাধীন হ'ব লগা হৈছিল ৷
এই সম্পৰ্কত পেছুৱাৰ আৰক্ষী থানাৰ এজন জ্যেষ্ঠ বিষয়াই মন্তব্য কৰে, "মিলৰ অপাৰেটৰ ৰঞ্জিত সিঙে চিকিৎসালয়ৰ পৰা মুক্তি লাভ কৰাৰ পাচতে গ্ৰেপ্তাৰ কৰা হৈছে ৷ বৃহস্পতিবাৰে নিশা তেওঁ আৰু ফেক্টৰীৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডাবিধি আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল ৷"