অসম

assam

ETV Bharat / bharat

স্বাধীনতা দিৱসৰ পূৰ্বে সামৰিক বাহিনীৰ বেণ্ডৰ তৰফৰ পৰা কৰ'ণা যোদ্ধালৈ অভিবাদন - স্থল সেনা, নৌ সেনা আৰু আৰক্ষী

কৰ'ণাৰ যুদ্ধখনত অংশ লোৱা দেশৰ প্ৰতিগৰাকী যোদ্ধাক সন্মান তথা কৃতজ্ঞতা প্ৰকাশৰ বাবে সমগ্ৰ দেশযুৰি সামৰিক বাহিনীৰ বেণ্ডে পৰিবেশন কৰিছে অনুস্থান । পোন প্ৰথমবাৰ হোৱা এনে সামৰিক বেণ্ডৰ দ্বাৰা অভিবাদন যোৱা 1 আগষ্টৰ পৰা আৰম্ভ হোৱা বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক বিবৃতিত উল্লেখ কৰা হৈছে ।

military-bands-to-perform-across-india-for-i-day-express-gratitude-to-corona-warriors
স্বাধীনতা দিৱসৰ পূৰ্বে সামৰিক বাহিনীৰ বেণ্ডৰ তৰফৰ পৰা ক'ৰণাৰ যোদ্ধালৈ অভিবাদন

By

Published : Aug 5, 2020, 11:49 PM IST

নিউজ ডেস্ক,৫আগষ্ট: মহামাৰী কৰ'ণাৰ লগত যুঁজ দিয়া যোদ্ধাসকলক আগন্তক স্বাধীনতা দিৱসৰ পূৰ্বে দেশৰ সামৰিক বাহিনীৰ অন্তৰ্গত স্থল সেনা,নৌ-সেনা,বায়ুসেনা আৰু আৰক্ষীয়ে আৰম্ভ কৰিছে এক অভিবাদনৰ কাৰ্যসূচী । পোন প্ৰথমবাৰৰ বাবে হোৱা এনে সামৰিক বেণ্ডৰ দ্বাৰা অভিবাদন যোৱা 1আগষ্টৰ পৰা আৰম্ভ হোৱা বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক বিবৃতিত উল্লেখ কৰা হৈছে ।

নিজৰ জীৱনটোকো তুচ্চ কৰি মহামাৰী কৰ'ণাক নিয়ন্ত্ৰণৰ বাবে দিন ৰাতি একাকাৰ কৰি কৰ'ণাৰ বিৰুদ্ধে যুঁজ দিয়াসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লক্ষ্যৰেই এইধৰনে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে । প্ৰথমবাৰৰ বাবে এনে ধৰণৰ এক কাৰ্যসূচীৰে সামৰিক বাহিনীৰ বেণ্ডৰ দ্বাৰা কাৰ্যসূচী পৰিবেশন কৰি স্বাধীনতা দিৱস পালন কৰা হৈছে ।

স্থল সেনা,নৌ-সেনা,বায়ুসেনা আৰু আৰক্ষীৰ বেণ্ডসমূহে বৰ্তমানলৈকে পোৰবন্দৰ,হায়দৰাবাদ,বেংগালুৰু,ৰায়পুৰ,অমৃতসৰ,গুৱাহাটী,এলাহবাদ আৰু কলিকতাত তেওঁলোকৰ অনুস্থান প্ৰদৰ্শন কৰিছে । একেধৰণেই সেনা আৰু আৰক্ষীয়ে বুধবাৰে দুপৰীয়া বিশাখাপট্টনম,নাগপুৰ আৰু গোৱালিয়ৰত অনুস্থান পৰিবেশন কৰে ।

অহা 7আগষ্টত সেনা বাহিনীৰ বেণ্ডে শ্ৰীনগৰ আৰু কলিকতাত অনুস্থান পৰিবেশন কৰিব । সামৰিক বাহিনীৰ তিনিওটা বিভাগৰ বেণ্ডে সন্মিলিতভাৱে অহা 8,9 আৰু 12আগষ্টত নতুন দিল্লীৰ লালকিল্লা,ৰাজপথ আৰু ইণ্ডিয়া গেটত প্ৰদৰ্শন কৰিব অনুস্থান ।

সেনা আৰু আৰক্ষীয়ে অহা 8আগষ্টত মুম্বাই,আহমেদাবাদ,চিমলা আৰু আলমোৰাতো প্ৰদৰ্শন কৰিব অনুস্থান । একে ধৰণে চেন্নাই,নাচিৰাবাদ,আন্দামান আৰু নিকোবৰত 9আগষ্টত,ইম্ফল,ভূপাল আৰু ঝাঞ্চিত 12আগষ্টত কৰিব প্ৰদৰ্শন । 13আগষ্টত এই কাৰ্যসূচীৰ সামৰণি অনুস্থান প্ৰদৰ্শিত হ'ব লক্ষ্ণৌ,ফাইজাবাদ,শ্বিলং,মাডুৰাই আৰু চম্পাৰণত ।

ABOUT THE AUTHOR

...view details