-মহম্মদ জুলকাৰনাইন জুলফি
শুকুৰবাৰে আৰক্ষী বিভাগে জানিবলৈ দিয়া অনুসৰি, উত্তৰ কাশ্মীৰৰ বাৰামুল্লা জিলাৰ পাট্টানৰ য়াৰিপুৰাত সন্ত্ৰাসবাদী আৰু প্ৰতিৰক্ষা বাহিনীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ৷ এই সংঘৰ্ষৰ ফলত তিনিটাকৈ সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে এজন সেনা বাহিনীৰ মেজৰ আৰু দুজন আৰক্ষী বিষয়া আঘাতপ্ৰাপ্ত হৈছিল ৷ আৰক্ষীৰ মতে, ঘটনাস্থলীৰ পৰা সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু চিনাক্তকৰণ প্ৰক্ৰিয়া চলি আছে ৷
সেই দিনাৰে পুৱাৰ ভাগত য়াৰিপুৰাত আৰক্ষী, সেনাৰ RR 29 আৰু চিআৰপিএফে যুটীয়াভাৱে কৰ্ডন এণ্ড চাৰ্ছ অপাৰেছন সম্পন্ন কৰিছিল ৷ যুটীয়া অভিযানকাৰী দলটো সন্দেহযুক্ত স্থানত উপস্থিত হোৱাৰ পাচতে লুকাই থকা সন্ত্ৰাসবাদীয়ে তেওঁলোকৰ ওপৰত গুলীচালনা কৰে ৷ ইয়াৰ পাচতে প্ৰতিৰক্ষা বাহিনীৰ দলটোৱেও আত্মৰক্ষাৰ বাবে গুলীচালনা কৰাত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয় ৷
উত্তৰ কাশ্মীৰত সন্ত্ৰাসবাদীৰ উত্থান দিনক দিনক বৃদ্ধি পোৱা বুলি আৰক্ষী আৰু ৰাজ্যিক চোৰাংচোৱা সংস্থাই সতৰ্ক কৰি থকাৰ সময়তে এই গুলীবৰ্ষণ সংঘটিত হয় ৷
নিজৰ নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক হোৱা জম্মু-কাশ্মীৰৰ এজন শীৰ্ষ আৰক্ষী বিষয়াই কয়, "যোৱা মাহত, 14 আৰু 17 আগষ্টত কেন্দ্ৰীয় আৰু উত্তৰ কাশ্মীৰৰ শ্ৰীনগৰ আৰু বাৰামুল্লাত সংঘটিত হৈছিল দুটাই সন্ত্ৰাসবাদীৰ আক্ৰমণ ৷ ইয়াৰ ফলত পাঁচজনকৈ প্ৰতিৰক্ষা বাহিনীৰ জোৱানে প্ৰাণ হেৰুৱাইছিল ৷ ইয়াৰ পাচৰে পৰা এই স্থানটো সন্ত্ৰাসবাদীৰ ৰম্যভূমি হিচাপে পৰিগণিত হৈছে ৷"
তেওঁ লগতে কয়, "উত্তৰ কাশ্মীৰত ইমান কেইজন লোকে প্ৰাণ হেৰুৱাটো অতি কষ্টকৰ ৷ প্ৰতিৰক্ষা বাহিনীক তথ্য প্ৰদান কৰা বুলি সন্দেহ কৰা ৰাজনৈতিক নেতা আৰু সাধাৰণ লোকৰ হত্যা কৰা হৈছে৷"
"সন্ত্ৰাসবাদীয়ে দুটা লক্ষ্যৰে কেন্দ্ৰীয় আৰু উত্তৰ কাশ্মীৰৰ জিলাসমূহলৈ নিজৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ হস্তান্তৰ কৰিছে ৷ প্ৰথমটো হৈছে, দক্ষিণ কাশ্মীৰ এলেকাৰ পৰা প্ৰতিৰক্ষা বাহিনীক বিভ্ৰান্ত কৰাৰ জৰিয়তে সন্ত্ৰাসবাদীৰ অ'ভাৰ গ্ৰাউণ্ড ৱৰ্কাৰ আৰু সহায়কসকলৰ ওপৰত কমকৈ চাপ পৰিব৷ দ্বিতীয়তে, সন্ত্ৰাসবাদীসকলে বিশ্বাস কৰে যে শ্ৰীনগৰৰ দৰে ঘন বসতিপূৰ্ণ অঞ্চল আৰু বাৰামুল্লা আৰু অন্যান্য উত্তৰ কাশ্মীৰ জিলাসমূহৰ পিচপৰা অঞ্চলসমূহত অধিক সন্ত্ৰাসবাদমূলক কাৰ্যকলাপ সংঘটিত কৰিব পাৰিব ৷ প্ৰাৰম্ভিক পৰ্যায়ত সন্ত্ৰাসবাদীয়ে শ্ৰীনগৰ আৰু বাৰামুল্লালৈ ধ্যান কেন্দ্ৰীভূত কৰাতো কিছু আশ্বৰ্যকৰ আছিল, কিন্তু এই মনোবৈজ্ঞানিক বিষয়টো বৰ্তমান সকলোৱে বুজি উঠিছে ৷ প্ৰতিৰক্ষা বাহিনীৰ জোৱানৰ প্ৰাণ যোৱাটো সঁচাকৈয়ে দূৰ্ভাগ্যজনক, কিন্তু ইয়াৰ ফলত আমি সন্ত্ৰাসবাদীক উৎখাত কৰিবলৈ অধিক মনোবল লাভ কৰিম ৷ যোৱা 30 বছৰৰ হিংসাত্মক কাৰ্যত প্ৰতিৰক্ষা বাহিনীৰ জোৱানক হত্যা কৰি অধিক সয়ম সন্ত্ৰাসবাদী জীয়াই থকাৰ ৰেকৰ্ড নাই ৷"
গুৰুত্বপূৰ্ণভাৱে, কাশ্মীৰৰ ইন্সপেক্টৰ জেনেৰেল বিজয় কুমাৰে যোৱা 19 জুনৰ দিনা দাবী কৰিছিল যে, সেই মাহৰ অন্তত আৰক্ষীৰ ধ্যান উত্তৰ কাশ্মীৰৰ ফালে ঢাল খাব ৷
শ্ৰীনগৰৰ 15 সংখ্যক কৰ্পছ মুখ্য কাৰ্যালয়ত এক যুটীয়া প্ৰেছ বিজ্ঞপ্তিত অংশগ্ৰহণ কৰি কুমাৰে দাবী কৰে, "দক্ষিণ কাশ্মীৰ জুন মাহৰ অন্তত সন্ত্ৰাসবাদমুক্ত হ'ব ৷ অহা 12 দিনৰ ভিতৰত আমি দক্ষিণৰ পৰা বাকী সকলো সন্ত্ৰাসবাদীক শেষ কৰিম ৷"
লগতে পঢ়ক :SSR গোচৰ : শৌভিক, ছেমুৱেলক আজি হাজিৰ কৰা হ'ব আদালতত