মুম্বাই, 7 জুলাইঃ পুনৰ কংগ্ৰেছত খহনীয়া ৷ ইজনৰ পিচত সিজন নেতাই ত্যাগ কৰিছে কংগ্ৰেছ দল ৷
দেওবাৰে নিজ পদৰ পৰা পদত্যাগ ঘোষণা কৰে মুম্বাই কংগ্ৰেছৰ সভাপতি মিলিণ্ড দেওৰাই ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত দলটোৰ স্থিতি সৱল কৰি তোলাৰ লক্ষ্যৰে এই পদত্যাগ দেওৰাৰ ৷

আনহাতে, পদত্যাগৰ পাচতে মহাৰাষ্ট্ৰত অনুষ্ঠিত হ'বলগা নিৰ্বাচনৰ বাবে তিনিগৰাকী সদস্যক দায়িত্বভাৰ দিয়াৰ বাবে দলক প্ৰস্তাৱ জনোৱা বুলি উল্লেখ কৰে নেতাগৰাকীয়ে ৷
উল্লেখ্য যে, কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে লোকসভা নিৰ্বাচনৰ শোচনীয় পৰাজয় স্বীকাৰ কৰি পদত্যাগ কৰাৰ পিচতে দলটোৰ পৰা আন বহুতো নেতাই ইতিমধ্যে পদত্যাগ পত্ৰ দাখিল কৰিছে ৷ পিচে এই পদত্যাগে কংগ্ৰেছ দলটোৰ অস্তিত্বক সংকটত পেলাব নেকি সময়তহে পৰিলক্ষিত হ'ব ৷