নতুন দিল্লী,20 জুন: আমেৰিকাৰ দ্বাৰা সঘনে ভাৰতৰ ওপৰত দি থকা চাপৰ মাজতে 25ৰ পৰা 27 জুনলৈ আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাইক পম্পিয়োই তিনিদিনীয়া ভাৰত ভ্ৰমণ কৰিব ৷ নিৰ্বাচনৰ পাচত দুয়োখন দেশৰ মাজত এইখনেই হ'ব প্ৰথমখন উচ্চস্তৰীয় বৈঠক ৷
বৃহস্পতিবাৰে বিদেশ মন্ত্ৰণালয়ৰ প্ৰবক্তা ৰবীশ কুমাৰে এই সন্দৰ্ভত জানিবলৈ দি কয় যে এই যাত্ৰাকালত আমেৰিকাৰ বৈদেশিক মন্ত্ৰী গৰাকীয়ে ভাৰতৰ নৱনিৰ্বাচিত বৈদেশিক মন্ত্ৰী এচ.জয়শংকৰৰ লগতে আন কেইবাগৰাকীও বিষয়াৰ সৈতে বৈঠকত মিলিত হ'ব ৷