অসম

assam

ETV Bharat / bharat

মহাৰাষ্ট্ৰ-মধ্যপ্ৰদেশ সীমান্তত আৰক্ষীলৈ শিল নিক্ষেপ - মুখ্যমন্ত্ৰী শিৱৰাজসিং চৌহানে

মহাৰাষ্ট্ৰৰ পৰা মধ্যপ্ৰদেশলৈ যোৱা শতাধিক প্ৰৱজিত লোক দুয়োখন ৰাজ্যৰ সীমাত খাদ্য আৰু পৰিবহনৰ বাবে অপেক্ষা কৰি কৰি উত্তেজিত হৈ পৰে আৰু আৰক্ষীলৈ শিল নিক্ষেপ কৰে । অৱশ্যে প্ৰশাসনে এই কথা অস্বীকাৰ কৰে আৰু ভুল বুজাবুজিৰ বাবেহে কিছু হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় বুলি উল্লেখ কৰে ।

মহাৰাষ্ট্ৰ-মধ্যপ্ৰদেশ সীমান্তত আৰক্ষীলৈ শিল নিক্ষেপ প্ৰৱজিত লোকৰ
মহাৰাষ্ট্ৰ-মধ্যপ্ৰদেশ সীমান্তত আৰক্ষীলৈ শিল নিক্ষেপ প্ৰৱজিত লোকৰ

By

Published : May 15, 2020, 4:16 PM IST

নিউজ ডেস্ক, 15 মে': 3 নং ৰাষ্ট্ৰীয় ঘাই পথত সৃষ্টি হোৱা যান-যটৰ বাবে মহাৰাষ্ট্ৰৰ পৰা বিহাৰ-উত্তৰ প্ৰদেশ অভিমুখী যাত্ৰী সকলৰ মাজত অস্থিৰতা বৃদ্ধি পাই । প্ৰৱজক লোক সকলে মহাৰাষ্ট্ৰৰ পৰা গৈ মধ্যপ্ৰদেশ সীমান্তত বহু ঘণ্টা অপেক্ষা কৰিবলৈ লগীয়া হয় । খাদ্য আৰু পৰিবহনৰ বাবে অপেক্ষা কৰি কৰি প্ৰৱজিত লোক সকল উত্তেজিত হৈ পৰে আৰু আৰক্ষীলৈ শিল নিক্ষেপ কৰে ।

মহাৰাষ্ট্ৰ-মধ্যপ্ৰদেশ সীমান্তৰ চেন্দোৱাত এই পৰিস্থিতিৰ সৃষ্টি হয় ।

ঘটনা স্থলিত ৰেকৰ্ড হোৱা এটা ভিডিঅ'ত প্ৰৱজিত শতাধিক লোক উত্তেজিত হৈ পথেৰে চিঞৰি চিঞৰি দৌৰি থকা পৰিলক্ষিত হয় । উল্লেখ্য যে, সীমান্তত প্ৰশাসনে তেওঁলোকক খাদ্য আৰু যাতায়তৰ ব্যৱস্থা কৰি দিম বুলি আশ্বাস প্ৰদান কৰিছিল । তেওঁলোকে 9 ঘণ্টা অপেক্ষা কৰি প্ৰশাসনৰ পৰা সহাঁৰি নাপাই উত্তেজিত হৈ পৰে বুলি এগৰাকী প্ৰৱজিত লোকে প্ৰকাশ কৰে ।

মহাৰাষ্ট্ৰৰ পুনেত কৰ্মৰত সুনিত মিশ্ৰ নামৰ এজনে কয় যে, তেওঁলোকৰ লগত ন-মহীয়া কেঁছুৱাও আছে । মহাৰাষ্ট্ৰ চৰকাৰে তেওঁলোকক পথিয়াই দিছে, কিন্তু তেওঁলোকৰ নিজৰ চৰকাৰেই কোনো গুৰুত্ব দিয়া নাই । যোৱা নিশাৰ পৰাই তেওঁলোক ভোকে-পিয়াহে আছে ।

আনহাতে জিলা উপায়ুক্ত অমিত তোমৰে কয় যে, বহু প্ৰৱজকক বাছ খনে এৰি যায়, তেওঁলোক যাবৰ বাবে পৰৱৰ্তী কোনো ব্যৱস্থাও নাছিল । সেয়ে শিল দলিওৱাৰ ঘটনা সংঘটিত হৈছিল । অৱশ্যে তাৰ পাচতেই তেওঁলোকক উদ্ধাৰ কৰাৰ লগতে শান্ত কৰা হয় বুলিও কয় ।

লগতে তেওঁ কয় যে, 135 খন বাছেৰে প্ৰৱজক সকলক সীমান্তৰ পৰা ভিন্ন জিলালৈ পথিয়াই দিয়া হৈছে আৰু মহাৰাষ্ট্ৰ সীমান্ত পাৰ হৈ অহা সকলোকে খাদ্য-পানীৰ লগতে জিৰণিৰ বাবে আশ্ৰয়ো দিয়া হৈছে ।

ইপিনে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে শ্ৰমিক সকলক ধৈৰ্য্য ধৰিবলৈ অনুৰোধ কৰে । তেওঁ কয় যে, স্বাস্থ্য পৰীক্ষা আৰু খাদ্য় গ্ৰহণৰ পাচত সকলোৰে বাবে বিনামূলীয়া পৰিবহনৰ ব্যৱস্থা কৰা হৈছে ।

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, চৰকাৰে প্ৰৱজক সকলে সুৰক্ষিত ভাবে ঘৰ পোৱাটো নিশ্চিত কৰিছে । কিন্তু এই ক্ষেত্ৰত কেৱল পৰিবহনৰ ব্যৱস্থা কৰিলেই নহব, যি সমূহ ৰাজ্যৰ মাজেৰে পাৰ হ'ব তেওঁলোকেও সহযোগীতা কৰিব লাগিব । এই ক্ষেত্ৰত উত্তৰ প্ৰদেশ আৰু বিহাৰে বহু পলম কৰি আছে বুলিও উল্লেখ কৰে ।

উল্লেখ্য যে, প্ৰতিদিনে মহাৰাষ্ট্ৰ-মধ্যপ্ৰদেশ সীমান্তৰ চেন্দোৱাৰে প্ৰায় 5000-6000 লোকে অহা-যোৱা কৰি আছে ।

ABOUT THE AUTHOR

...view details