নিউজ ডেস্ক, 15 এপ্ৰিলঃ মক্কাল নীধি মায়াম (এম এন এম)ৰ মুৰব্বী কামাল হাচানে কয় যে,এই সময় খিনি অভিবাসী শ্ৰমিকৰ বাবে "টাইম ব'ম" ৰ সংকট । সেয়ে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই এই ক্ষেত্ৰত চকু দিয়াৰ লগতে ফলপ্ৰসূ ব্যৱস্থা ল'ব লাগে ।
কামাল হাচানে কয় যে,মোম্বাইত 1000ৰো অধিক প্ৰব্ৰজনকাৰী শ্ৰমিক আবদ্ধ হৈ আছে যিয়ে দৈনিক উপাৰ্জন কৰি চলি আহিছে । সেইসকল লোক যোৱা তিনি সপ্তাহ ধৰি মুম্বাইৰ বান্দ্ৰাত আবদ্ধ হৈ আছে । তেওঁলোক নিজৰ ঘৰলৈ যাব পৰা নাই । মঙলবাৰে মোডীয়ে লকডাউন বৃদ্ধিৰ সীমা 3 মে' লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰাৰ পাচত শ্ৰমিক সকলে ঘৰলৈ যাব পৰাকৈ বাহনৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাই ।