নিউজ ডেস্ক, 2 জুন :ধনৰ অভাৱত বহুতেই ঘৰৰ সা-সম্পত্তি, আ-অলংকাৰ বিক্ৰী কৰা বা বন্ধকত থোৱাৰ ঘটনা সচৰাচৰ দেখিবলৈ পোৱা যায় ৷ কিন্তু এজন ব্যক্তিয়ে এখন চাইকেল কিনিবলৈ বিক্ৰী কৰিছে নিজ হাতেৰে বিবাহৰ শুভ মূহুৰ্তত পত্নীক পিন্ধাই দিয়া মংগলসূত্ৰ ৷
ব্যক্তিগৰাকী ওড়িশাৰ ৷ কৰ্মসূত্ৰে বাংগালুৰুত আছিল পত্নী সহিতে ৷ তিনিগৰাকী সতীৰ্থ সহিতে বাংগালুৰুৰ পৰা চাইকেল লৈ কটকত উপস্থিত হৈছিল ৷ চন্দন নামৰ ব্যক্তিগৰাকীয়ে সাংবাদিকৰ আগত বৰ্ণনা কৰে লক্ ডাউনে বিপৰ্যস্ত কৰা জীৱনৰ কথা ৷
চাইকেল কিনিবলৈ বিক্ৰী কৰিলে পত্নীৰ মংগলসূত্ৰ ! চন্দনে কয় যে, কৰ্মক্ষেত্ৰৰ পৰা ঘৰলৈ আহিবলৈ তেওঁৰ হাতত টকা নাছিল ৷ কিয়নো লক্ ডাউনৰ বাবে কাম বন্ধ হৈ থকা যোৱা দুমাহে কোনো উপাৰ্জন নাছিল চন্দনৰ ৷ আৰ্থিক অনাতনৰ বাবে তেওঁৰ পত্নীয়ে জোৰ কৰিছিল মংগসূত্ৰডাল বিক্ৰী কৰি এখন চাইকেল যোগাৰ কৰিবলৈ ৷ অৱশেষত চন্দনে 1500 টকাত মংগলসূত্ৰডাল বিক্ৰী কৰে আৰু বন্ধু তপনৰ সৈতে দুখন চাইকেল কিনে দহ হাজাৰ টকাত ৷
সেই চাইকেল লৈয়েই পত্নী আৰু বন্ধুৰ সৈতে ওড়িশাৰ ভদ্ৰক জিলাৰ বাসুদেৱপুৰলৈ যাত্ৰা কৰে চন্দনে ৷ অৱশ্যে কটকত উপস্থিত হোৱাৰ পাচতে একাংশ সমাজকৰ্মীয়ে চন্দন আৰু তেওঁৰ সহযোগীসকলক খাদ্য যোগান ধৰাৰ লগতে বাসুদেৱপুৰলৈ যোৱাৰ দিহা কৰি দিয়ে ৷ এফালে আতংক আনফালে অচলাৱস্থা, তাৰ মাজতেই যেন চকুৰ পৰা হেৰাই গৈছে চন্দনহঁতৰ দৰে খাটি খোৱা মানুহৰ সপোন আৰু আশা ৷
লগতে পঢ়ক : উত্তৰ প্ৰদেশত তিনি সন্তানক নদীত উটুৱাই দিলে পিতৃয়ে