অসম

assam

ETV Bharat / bharat

হায়দৰাদত আবদ্ধ ছত্তিশগড়ৰ শ্ৰমিকে বিচাৰিছে চৰকাৰৰ সহায় - চৰকাৰী সহায়

দেশব্যাপী চলি থকা লক ডাউনৰ ফলত হায়দৰাবাদত কৰ্মৰত 300ৰো অধিক ছত্তিশগড়ৰ পৰা অহা শ্ৰমিক আবদ্ধ হৈ পৰে । ঘৰৰ পৰা 1000 কিল'মিটাৰ দূৰৈত থাকি লক ডাউনৰ সময়ত বিপদত পৰা শ্ৰমিক সকল উপায়হীন হৈ বিচাৰিছে চৰকাৰী সাহাৰ্য ।

হায়দৰাদত আবদ্ধ ছত্তিশগড়ৰ শ্ৰমিকে বিচাৰিছে চৰকাৰ সহায়
হায়দৰাদত আবদ্ধ ছত্তিশগড়ৰ শ্ৰমিকে বিচাৰিছে চৰকাৰ সহায়

By

Published : Apr 24, 2020, 11:39 AM IST

নিউজ ডেস্ক, 24 এপ্ৰিলঃ কৰ্মসংস্থাপনৰ বাবে হায়দৰাবাদলৈ যোৱা চত্তিশগড়ৰ 300ৰো অধিক শ্ৰমিক আবদ্ধ হৈ পৰিছে লক ডাউনৰ সময়চোৱাত । লকডাউনৰ ফলত বহু পৰিমাণে সংকটত পৰিছে শ্ৰমিকসকল ।

সেয়ে উপায়হীন হৈ শ্ৰমিক সকলে বিচাৰিছে চৰকাৰী সহায় । ঘৰৰ পৰা 1000 কিল'মিটাৰৰো অধিক আঁতৰত থকা এই লোক সকলে ছত্তিশগড়ৰৰ মুখ্য়মন্ত্ৰী ভূপেশ বাঘেলক সহায়ৰ বাবে আহ্বান জনায় । বিশেষ বাছৰ ব্যৱস্থা কৰি শ্ৰমিক সকলক ঘৰলৈ যোৱাৰ যাতে ব্যৱস্থা কৰে তাৰ বাবে অনুৰোধ কৰিছে চৰকাৰৰ ওচৰত । আবদ্ধ হৈ থকা শ্ৰমিক সকলৰ ঘৰ ছত্তিশগড়ৰৰ ৰাজনান্দ গাঁওত ।

শ্ৰমিক সকলৰ হাতত বৰ্তমান নাইকিয়া হৈ পৰিছে ধন অথবা খাদ্য সামগ্ৰী । শ্ৰমিক এজনে কয়,-"আমি ইমান দিনলৈ আবদ্ধ হৈ থাকিম বুলি কল্পনাও কৰা নাছিলো । মাত্ৰ 21 দিনৰ ববে বাবে আবদ্ধ হৈ থাকিব লাগিব বুলি ভাবিছিলো। আমি ঘৰ যাব বিচাৰো । আমাৰ হাতত বৰ্তমান পইচাও নাই । আমাক ইয়াৰ পৰা উদ্ধাৰ কৰি ছত্তিশগড়ৰ ঘৰলৈ যোৱাত সহায় কৰক ।"

লগতে পঢ়কঃ গুৱাহাটীত ২২ এপ্ৰিলৰ পৰা খোল খালে কিতাপৰ বিপণী

ABOUT THE AUTHOR

...view details