অসম

assam

By

Published : Sep 25, 2019, 5:15 PM IST

Updated : Sep 25, 2019, 11:13 PM IST

ETV Bharat / bharat

ভাৰতীয় বায়ু সেনাৰ MiG 21 বিমান দুৰ্ঘটনাগ্ৰস্থ

উল্লেখযোগ্য যে, 2016 চনৰ পৰা এই পৰ্যন্ত ভাৰতীয় বায়ু সেনায়ে 27 খন বিমান দুৰ্ঘটনাত হেৰুৱাব লগা হৈছে ৷ চলিত বৰ্ষৰ 27 ফেব্ৰুৱাৰীত এনে এক বিমান দুৰ্ঘটনাৰ ফলতে কামাণ্ডাৰ অভিনন্দন বৰ্থমানৰ বিমান দুৰ্ঘটনাগ্ৰস্থ হৈ পাকিস্তানৰ ভূমিত ভূ-পতিত হৈছিল ৷

দুৰ্ঘটনাগ্ৰস্থ বিমাখন অৱশিষ্ট

নেশ্যনেল ডেস্ক, 25 ছেপ্টেম্বৰঃ মধ্য প্ৰদেশৰ ভিন্দত দুৰ্ঘটনাগ্ৰস্থ হয় ভাৰতীয় বায়ু সেনাৰ MiG 21 বিমান ৷ দুৰ্ঘটনাগ্ৰস্থ বিমাখনৰ দুয়োগৰাকী পাইলট কথমপি ৰক্ষা পৰা ৷ বুধবাৰে পুৱা দৈনন্দিন প্ৰশিক্ষণৰ বাবে গোৱালিয়ৰ এয়াৰ বেছৰ পৰা উৰা মাৰিছিল বিমানখন কিন্তু পুৱা প্ৰায় 10 বজাত এয়াৰ বেছৰ ওচৰতে দুৰ্ঘটনাগ্ৰস্থ হয় বিমানখন ৷ এই কথা আনুষ্ঠানিকভাবে ঘোষণা কৰে ভাৰতীয় বায়ু সেনাই ৷

দুৰ্ঘটনাগ্ৰস্থ বিমাখন অৱশিষ্ট
ভাৰতীয় বায়ু সেনায়ে ইতিমধ্যে দুৰ্ঘটনাৰ তদন্তৰ বাবে এজন কৰ্ণেলক নিয়োগ কৰিছে ৷ ঘটনাটো চৌধৰী-কা-পুৰাত সংঘটিত হোৱা বুলি বায়ু সেনাৰ তৰফৰ পৰা সদৰী কৰা হৈছে ৷
দুৰ্ঘটনাগ্ৰস্থ বিমাখন অৱশিষ্ট
উল্লেখযোগ্য যে, 2016 চনৰ পৰা এই পৰ্যন্ত ভাৰতীয় বায়ু সেনায়ে 27 খন বিমান দুৰ্ঘটনাত হেৰুৱাব লগা হৈছে ৷ চলিত বৰ্ষৰ 27 ফেব্ৰুৱাৰীত এনে এক বিমান দুৰ্ঘটনাৰ ফলতে কামাণ্ডাৰ অভিনন্দন বৰ্থমানৰ বিমান দুৰ্ঘটনাগ্ৰস্থ হৈ পাকিস্তানৰ ভূমিত ভূ-পতিত হৈছিল ৷
Last Updated : Sep 25, 2019, 11:13 PM IST

ABOUT THE AUTHOR

...view details