অসম

assam

By

Published : Jan 6, 2021, 6:02 PM IST

ETV Bharat / bharat

ৰাজস্থানত দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনাৰ মিগ-২১

মঙলবাৰে ভাৰতীয় বায়ুসেনাৰ এখন মিগ-২১ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । ৰাজস্থানৰ সুতৰগড়ত নিশা প্ৰায় ৮ বাজি ১৫ মিনিটত সংঘটিত হয় এই দুৰ্ঘটনা ।

ৰাজস্থানত বায়ু সেনাৰ মিগ-২১ দুৰ্ঘটনাগ্ৰস্ত
ৰাজস্থানত বায়ু সেনাৰ মিগ-২১ দুৰ্ঘটনাগ্ৰস্ত

নেশ্যনেল ডেস্ক, ৬ জানুৱাৰী :ৰাজস্থানৰ সুতৰগড়ত মঙলবাৰে ভাৰতীয় বায়ুসেনাৰ এখন মিগ-২১ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । যান্ত্ৰিক বিজুতিৰ বাবে নিশা প্ৰায় ৮ বাজি ১৫ মিনিটত সংঘটিত হয় এই দুৰ্ঘটনা । সৌভাগ্য়ক্ৰমে নিশা অতি জটিল পৰিস্থিতিৰ মাজতো পাইলটগৰাকী বিমানখনৰ পৰা সুৰক্ষিতভাৱে বাহিৰলৈ ওলাই যায় আৰু ওচৰৰে বিমান ঘাটিত অৱতৰণ কৰে ।

বায়ুসেনাই জনোৱা মতে, পশ্চিম প্ৰান্তত এক অনুশীলনৰ সময়চোৱাত যান্ত্ৰিক বিজুতিৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাত কোনো লোকৰ মৃত্য়ু হোৱা নাই যদিও দুৰ্ঘটনা সন্দৰ্ভত তদন্তৰ বাবে আদালতৰ হস্তক্ষেপ বিচৰা হৈছে ।

লগতে পঢ়ক :জয়পুৰৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ৩

ABOUT THE AUTHOR

...view details