অসম

assam

By

Published : Jul 8, 2020, 2:52 PM IST

ETV Bharat / bharat

ৰাজীৱ গান্ধী ফাউণ্ডেশ্বনৰ বিৰুদ্ধে তদন্তৰ বাবে বিশেষ কমিটি গঠন

ৰাজীৱ গান্ধী ফাউণ্ডেশ্বনৰ বিৰুদ্ধে উত্থাপিত হৈছে কেইবাখনো আইন উলংঘনৰ অভিযোগ। এই অভিযোগৰ তদন্তৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰিছে এখন বিশেষ কমিটি ।

Rajiv Gandhi Foundation
MHA sets up committee to investigate violation of laws by Rajiv Gandhi Foundation

নিউজ ডেস্ক, ৮ জুলাইঃৰাজীৱ গান্ধী ফাউণ্ডেশ্বন, ৰাজীৱ গান্ধী চেৰিটেবল ট্ৰাষ্ট ( Rajiv Gandhi Charitable Trust) আৰু ইণ্ডিৰা গান্ধী মেম'ৰিয়েল ট্ৰাষ্টৰ বিৰুদ্ধে উত্থাপিত হৈছে কেইবাখনো আইন উলংঘনৰ অভিযোগ । তিনিও ন্যাসৰ বিৰুদ্ধে পিএমএলএ ( Prevention of Money Laundering Act), আয়কৰ আইন (Income Tax Act) আৰু এফচিআৰএ (Foreign Contribution Regulations Act)ৰ বিভিন্ন আইন উলংঘনৰ অভিযোগ উত্থাপিত হৈছিল ।

উত্থাপিত হোৱা এই অভিযোগৰ তদন্তৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰিছে এখন বিশেষ কমিটি । গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি, ইডি (Enforcement Directorate)য়ে এই বিশেষ কমিটিখনৰ নেতৃত্ব দিব বুলি জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

...view details