অসম

assam

ETV Bharat / bharat

ক্ৰমাৎ হ্ৰাস পাইছে মাওবাদী সমস্যাঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় - নক্সালবাদ জনিত হিংসা

দেশৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত বৰ্ষসমূহত দেশৰ পৰা ক্ৰমাৎ হ্ৰাস পাইছে মাওবাদ আৰু নক্সালবাদৰ প্ৰভাৱ ৷

ক্ৰমাৎ হ্ৰাস পাইছে মাওবাদী সমস্যাঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়

By

Published : Jul 28, 2019, 1:22 PM IST

নিউজ ডেস্ক, 28 জুলাইঃ দেশৰ পৰা ক্ৰমান্বয়ে হ্ৰাস পাইছে নক্সালবাদৰ সৈতে জড়িত মাওবাদী সমস্যা ৷ ইটিভি ভাৰতৰ হাতত আহি পৰা তথ্য অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ "নেশ্বনেল পলিচি আৰু এক্সন প্লান, 2015"ৰঅন্তৰ্ভুক্তি ৰ পিচতেই মাওবাদৰ সমস্যা বহু পৰিমানে হ্ৰাস পাইছে ৷ বিশেষকৈ মাও অধ্যূষিত অঞ্চলসমূহত নক্সালবাদ আৰু ইয়াৰ প্ৰভাৱ বহুগুণে হ্ৰাস পাইছে ৷

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা "নেশ্বনেল পলিচি আৰু এক্সন প্লান, 2015"ৰ দ্বাৰা নক্সালবাদ অধ্যূষিত অঞ্চলসমূহত বাস কৰা স্থানীয় লোকসকলৰ সুৰক্ষা, উন্নয়ন, অধিকাৰ আৰু উপযোগীকৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছে ৷

ক্ৰমাৎ হ্ৰাস পাইছে মাওবাদী সমস্যাঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়
শেহতীয়া পাঁচবছৰত এই আঁচনিৰ প্ৰভাৱ ব্যাপক হাৰে পৰিলক্ষিত হৈছে, আৰু নক্সাল সম্বন্ধীয় হিংসা বহুগুণে হ্ৰাস পাইছে ৷ এক সমীক্ষাত প্ৰকাশিত তথ্য অনুসৰি, বিগত পাঁচ বছৰত হিংসাজনিত ঘটনাকে ধৰি মৃত্যুৰ সংখ্যা 61 শতাংশৰ পৰা 43 শতাংশলৈ হ্ৰাস পাইছে ৷ 2009 চনৰ মে মাহৰ পৰা 2014 চনৰ এপ্ৰিললৈ মুঠ 8438 নক্সালবাদ হিংসাজনিত ঘটনা সংঘটিত হোৱাৰ লগতে সুৰক্ষা বাহিনীৰ লোককে ধৰি মৃত্যু হৈছিল মুঠ 3209 গৰাকী লোক ৷ আনহাতে 2014 চনৰ মে মাহৰ পৰা 2019 চনৰ এপ্ৰিল মাহলৈ মুঠ 4778 নক্সালবাদ হিংসাজনিত ঘটনা সংঘটিত হোৱাৰ লগতে সুৰক্ষা বাহিনীৰ লোককে ধৰি মৃত্যু হৈছিল মুঠ 1247 গৰাকী লোক ৷ 2018 চনত নক্সালবাদ জনিত হিংসাত 139 গৰাকী লোক নিহত হোৱাৰ বিপৰীতে চলিত বৰ্ষৰ জুন মাহলৈ নক্সালবাদ হিংসাজনিত ঘটনাত 117গৰাকী লোক নিহত হয় ৷

উল্লেখ্য যে, "মাওবাদ অধ্যূষিত জিলালৈ বিশেষ সহযোগিতা" নামে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা আঁচনিৰ দ্বাৰা বছৰি 1000কোটি টকা এইসমূহ অঞ্চলৰ গাঁথনিগত, অৰ্থনৈতিক, শৈক্ষিক আৰু সেৱাৰ বাবে প্ৰদান কৰা হয় ৷ শেহতীয়াকৈ নক্সালবাদ অধ্যূষিত অঞ্চলসমূহত এই আঁচনিৰ ব্যাপক প্ৰভাৱৰ ফলতেই হিংসাত্মক ঘটনা কমি আহিছে বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৷

ABOUT THE AUTHOR

...view details