নিৰ্ভয়া কাণ্ডঃ অভিযুক্তৰ ক্ষমা আবেদনৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ পক্ষত দেশৰ গৃহ মন্ত্ৰণালয়
কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে নিৰ্ভয়া ধৰ্ষণ কাণ্ডত জড়িত অপৰাধীৰ ক্ষমা বিষয়ক আবেদন প্ৰত্যাখ্যান কৰিবলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক অনুৰোধ জনাইছে ৷ পূৰ্বে দিল্লী চৰকাৰে এই সন্দৰ্ভত ৰাষ্ট্ৰপতিলৈ এক আবেদন প্ৰেৰণ কৰিছিল
নতুন দিল্লী,6 ডিচেম্বৰঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে নিৰ্ভয়া ধৰ্ষণ কাণ্ডত জড়িত অপৰাধীৰ ক্ষমা বিষয়ক আবেদন প্ৰত্যাখ্যান কৰিবলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক অনুৰোধ জনাইছে ৷ পূৰ্বে দিল্লী চৰকাৰে এই সন্দৰ্ভত ৰাষ্ট্ৰপতিলৈ এক আবেদন প্ৰেৰণ কৰিছিল ৷ দিল্লীৰ উপ-ৰাজ্যপাল অনিল বৈজালে গৃহ মন্ত্ৰণালয়লৈ নিৰ্ভয়া কাণ্ডত জড়িত অপৰাধীৰ ক্ষমা বিষয়ক এক আবেদন দাখিল কৰিছিল ৷ ইয়াৰ দুদিন পিছত গৃহ মন্ত্ৰণালয়ে ৰাষ্ট্ৰপতিলৈ এই আবেদন প্ৰত্যাখ্যানৰ বাবে পৰামৰ্শ প্ৰেৰণ কৰে ৷ উক্ত বিষয়তো অন্তিম পৰ্যায়ৰ পৰীক্ষণৰ বাবে ৰাষ্ট্ৰপতিৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছিল ৷ স্মৰ্তব্য যে, 23 বৰ্ষীয় পেৰামেডিকেলৰ ছাত্ৰীক ধৰ্ষণ আৰু হত্যাৰ অভিযোগত অভিযুক্ত বিনয় শৰ্মাই ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমা-প্ৰাৰ্থনা বিচাৰি আবেদন কৰিছিল ৷ স্মৰ্তব্য যে, 2012 চনৰ 16 ডিচেম্বৰত দিল্লীত দেশ কপোঁৱা নিৰ্ভয়া কাণ্ড সংঘটিত হৈছিল ৷ পৰৱৰ্তী সময়ত চিকিৎসালয়ত নিৰ্ভয়াই মৃত্যুবৰণ কৰে ৷ সেই সময়ত এই ঘটনাৰ বিৰুদ্ধে সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত হৈছিল ৷ হায়দৰাবাদত 25 বছৰীয়া পশু চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত দেশ উত্তাল হৈ থকাৰ সময়তে নিৰ্ভয়া কাণ্ডৰ অভিযুক্তৰ ক্ষমা আবেদন দাখিল কৰা হয় যদিও গৃহ মন্ত্ৰণালয়ৰ প্ৰত্যাখ্যান অনুৰোধ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে ৷