অসম

assam

ভাৰত আক্ৰমণৰ লক্ষ্য জইচ-ই-মহম্মদৰঃ হাই এলাৰ্টত নিৰাপত্তা বাহিনী

By

Published : Aug 8, 2019, 7:19 PM IST

অনুচ্ছেদ 370 প্ৰত্যাহাৰ তথা জম্মু-কাশ্মীৰক কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণা কৰাৰ পিচৰে পৰাই দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে পাকিস্তানৰ ছায়া যুদ্ধ নীতিয়ে ৷ শেহতীয়াকৈ ভাৰতৰ সৈতে সকলোধৰণৰ বাণিজ্যিক, অৰ্থনৈতিক, কূটনৈতিক, ৰাজনৈতিক সম্পৰ্ক ছেদ কৰিছে পাকিস্তানে ৷ আনহাতে সন্ত্ৰাসবাদীৰ সহায় লৈ পাকিস্তানী সেনাই নিয়ন্ত্ৰণৰেখাত উলংঘন কৰিছে যুদ্ধবিৰতি চুক্তি ৷ চোৰাংচোৱাৰ হাতত আহি পৰা তথ্য অনুসৰি, পাকিস্তান সেনা সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জইচ-ই-মহম্মদে কাশ্মীৰকে ধৰি দেশৰ অন্যান্য প্ৰান্তত সংঘটিত কৰিব পাৰে সম্ভাব্য আক্ৰমণ ৷ চোৰাংচোৱাৰ তথ্যৰ ভিত্তিতে হাই এলাৰ্টত ৰখা হৈছে সুৰক্ষা বাহিনীসমূহক ৷

দেশত আক্ৰমণৰ লক্ষ্য জইচ-ই-মহম্মদৰঃ হাই এলাৰ্টত নিৰাপত্তা বাহিনী

নিউজ ডেস্ক, 8 আগষ্টঃ শেহতীয়াকৈ ভাৰতৰ সৈতে সকলোধৰণৰ বাণিজ্যিক, অৰ্থনৈতিক, কূটনৈতিক, ৰাজনৈতিক সম্পৰ্ক ছেদ কৰিছে পাকিস্তানে ৷ চোৰাংচোৱাৰ হাতত আহি পৰা তথ্য অনুসৰি, পাকিস্তান সেনা সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জইচ-ই-মহম্মদে দেশৰ বিভিন্ন প্ৰান্তত পুলৱামা সদৃশ আক্ৰমণ কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছে ৷ চোৰাংচোৱাৰ তথ্যৰ ভিত্তিতে জম্মু-কাশ্মীৰত হাই এলাৰ্টত ৰখা হৈছে সুৰক্ষা বাহিনীসমূহক ৷ অনুচ্ছেদ 370 প্ৰত্যাহাৰ তথা জম্মু-কাশ্মীৰক কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণা কৰাৰ পিচৰে পৰাই দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে পাকিস্তানৰ ছায়া যুদ্ধ নীতিয়ে ৷

কেন্দ্ৰীয় চোৰাংচোৱাই লাভ কৰা তথ্যৰ পিচতেই দেশৰ নিৰাপত্তা বাহিনীসমূহক হাই এলাৰ্টত ৰাখিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৷ মন্ত্ৰালয়ৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি জইচ-ই-মহম্মদৰ লক্ষ্যত আছে দিল্লী, মুম্বাই আৰু কাশ্মীৰকে ধৰি দেশৰ অন্যান্য মুখ্য চহৰসমূহ ৷ ইতিমধ্যে জইচ-ই-মহম্মদৰ প্ৰধান মাছুদ আজাহাৰ গ্ৰেপ্তাৰ হোৱাৰ পিচতে ৰাৱালপিণ্ডিস্থিত পাকিস্তান সেনা মুখ্যালয়ৰ নিৰ্দেশনাৰ ভিত্তিত পাকিস্তান অধ্যুষিত কাশ্মীৰত বাহৰ পাতি আছে আজাহাৰৰ ভাতৃ ৡৌফ আজগৰ ৷ গৃহমন্ত্ৰালয়ৰ নিৰ্দেশনাৰ পিচতে নিৰাপত্তা তথা স্থানীয় লোকৰ সুৰক্ষাক লৈ সষ্টম হৈ পৰিছে দেশৰ সশস্ত্ৰ নিৰাপত্তা বাহিনীসমূহ ৷

ABOUT THE AUTHOR

...view details