অসম

assam

By

Published : Feb 27, 2020, 10:40 PM IST

Updated : Feb 27, 2020, 11:05 PM IST

ETV Bharat / bharat

উত্তৰ পূৱ দিল্লীৰ পৰিস্থিতিত বিশেষ দৃষ্টি ৰাখিছে গৃহ মন্ত্ৰালয়ে

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে উত্তৰ পূব দিল্লীৰ স্থিতিত বিশদভাৱে দৃষ্টি নিক্ষেপ কৰিছে ৷ চিআৰপিএফৰ মহানিৰ্দেশকে কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাক সেই স্থানত উপলব্ধ আইনী ব্যৱস্থাৰ স্থিতি সম্পৰ্কে অৱগত কৰে ৷ এই হিংসাত্মক ঘটনাত নিহতৰ সংখ্যা বৰ্তমানলৈ 34 জনলৈ বৃদ্ধি পাইছে আৰু আহত লোকৰ সংখ্যা 100 জনলৈ বৃদ্ধি পাইছে ৷

উত্তৰ পূৱ দিল্লীৰ স্থিতি
উত্তৰ পূৱ দিল্লীৰ স্থিতি

নেশ্যনেল ডেস্ক, 27 ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনক লৈ দুটা সমূহৰ মাজৰ বিতৰ্ক পিচত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে উত্তৰ পূব দিল্লীৰ স্থিতিত বিশদভাৱে দৃষ্টি নিক্ষেপ কৰিছে ৷ চিআৰপিএফৰ মহানিৰ্দেশক এ.পি মহেশ্বৰীয়ে বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাক সেই স্থানত উপলব্ধ আইনী ব্যৱস্থাৰ স্থিতি সম্পৰ্কে অৱগত কৰে ৷ কিয়নো নিৰাপত্তা বাহিনীৰ লোকে হিংসা জৰ্জৰিত স্থানসমূহৰ সংবেদনশীন এলেকাত ফ্লেগ মাৰ্চ জাৰি কৰিছে ৷

সমগ্ৰ ৰাষ্ট্ৰক জোকাৰি যোৱা এই হিংসাত্মক ঘটনাত নিহতৰ সংখ্যা বৰ্তমানলৈ 34 জনলৈ বৃদ্ধি পাইছে আৰু আহত লোকৰ সংখ্যা 100 জনলৈ বৃদ্ধি পাইছে ৷ গৃহ মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি উত্তৰ পূৱ দিল্লীত এটা ফ্লেটৰ পৰা পেট্ৰ'ল বোমা নিক্ষেপ কৰা ঘটনাত AAP কাউন্সিলৰ তাহিৰ হুচেইন জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ৷

বৰ্তমান উত্তৰ পূৱ দিল্লীৰ পৰা কোনোধৰণৰ আপত্তিজনক ঘটনাৰ উদ্ৰেক হোৱা নাই ৷ আৰক্ষীয়ে জনোৱা অনুসৰি, দিল্লীৰ পৰা PCR ফোন সমূহো বৰ্তমান স্তিমিত হৈছে ৷ বিষয়াসকলে জানিব দিয়া মতে, সেই স্থানত 100 তকৈয়ো অধিক অগ্নি নিৰ্বাপক বাহিনীৰ লোক মোতায়েন কৰাৰ লগতে সেই স্থানৰ চাৰিওটা অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়সমূহক যিকোনো সময়তে হ'ব পৰা আপাতকালীন স্থিতিৰ বাবে সম্পূৰ্ণ সাজু হৈ থাকিবলৈ অতিৰিক্ত ফায়াৰ টেণ্ডাৰ প্ৰদান কৰিছে ৷

ইয়াৰ মাজতে গৃহ মন্ত্ৰালয়ে দিল্লীৰ হিংসাত্মক পৰিস্থিতিত ওপৰত কোনো কোনো সংবাদ মাধ্যমৰ সংবাদৰৰ পিচত মন্ত্ৰালয়ৰ ভিতৰত সংবাদকৰ্মী সকলৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে ৷ সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি তেওঁলোকে দাবী কৰা দেখা গৈছে যে, এই হিংসাত্মক কাৰ্যত বাধা প্ৰদান কৰিবলৈ দিল্লী আৰক্ষীৰ ওচৰত পৰ্যাপ্ত সেনাৰ অভাৱ ৷ যিটো সম্প্ৰতি দিল্লী আৰক্ষী আয়ুক্ত অমূল্য পাটনায়কৰ দ্বাৰা অস্বীকাৰ কৰা হৈছে ৷

উত্তৰ পূৱ দিল্লীৰ স্থিতিত বিশদ দৃষ্টি নিক্ষেপ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

বৰ্তমানলৈ দিল্লী আৰক্ষীয়ে হিংসা সম্বন্ধীয় 18 টাকৈ গোচৰ ৰুজু কৰাৰ লগতে প্ৰায় 106 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে ৷

লগতে পঢ়কঃ

দিল্লী সংঘৰ্ষঃ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী ছোনিয়া গান্ধীৰ

Last Updated : Feb 27, 2020, 11:05 PM IST

ABOUT THE AUTHOR

...view details