নেশ্যনেল ডেস্ক, 10 এপ্ৰিল : গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে সীমান্ত সুৰক্ষা বলক (Border Security Force) পাকিস্তান আৰু বাংলাদেশত পহৰা কটকটীয়া কৰি তুলিবলৈ আহ্বান জনাইছে ৷ এই দুই সীমান্তইদি অবৈধ প্ৰব্ৰজন ৰোধ কৰিবৰ বাবে পহৰা কটকটীয়া কৰি তুলিবলৈ এই নিৰ্দেশ প্ৰদান কৰে গৃহ মন্ত্ৰণালয়ে ৷
এক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে তেওঁ কয় যে, এই দুই চুবুৰীয়া ৰাষ্ট্ৰৰ ঘন অৰণ্য অঞ্চলসমূহত পহৰা কটকটীয়া কৰা উচিত ৷
উল্লেখ্য যে, চোৰাংচোৱা সংস্থাই পূৰ্বেই সতৰ্কিত কৰি দিছে যে, COVID-19 ৰ বিৰুদ্ধে ভাৰতে যুঁজ দি থকাৰ সময়তে সন্ত্ৰাসবাদীয়ে দেশত কূটাঘাতমলক আক্ৰমণ চলোৱাৰ চেষ্টা কৰিব পাৰে ৷ এনে সময়তে শ্বাহৰ এই পদক্ষেপ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷
আনহাতে, এপ্ৰিল মাহত দেশৰ প্ৰায়বোৰ ৰাজ্যতে যিহেতু বিভিন্ন ধৰণৰ উৎসৱ পালন কৰা হয় সেয়েহে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনে কোনো ধৰণৰ সামাজিক আৰু ধৰ্মীয় সমাৱেশ হোৱাত বাধা আৰোপ কৰিব লাগিব ৷
লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডাবিধি আইন আৰু দূৰ্যোগ ব্যৱস্থাপনা আইনৰ (2005) অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে গৃহ মন্ত্ৰণালয়ে ৷
সশস্ত্ৰ সীমা বলে (SSB) প্ৰদান কৰা তথ্য অনুসৰি, নেপালৰ পাৰছা জিলাৰ জালিম মুখিয়া নামৰ এজন লোকে ভাৰতত COVID-19 বিয়পোৱাৰ চেষ্টা চলাইছে ৷
3 এপ্ৰিলত সশস্ত্ৰ সীমা বলৰ চোৰাংচোৱা বিভাগে জানিবলৈ দিয়া অনুসৰি, বিদেশত কাম কৰি থকা 200 জন ভাৰতীয় মুছলমানে 5/6 জন পাকিস্তানী নাগৰিকৰ সৈতে একত্ৰিত হৈ বিভিন্ন মছজিদ আৰু মাদ্ৰাছাত আশ্ৰয় গ্ৰহণ কৰিছে ৷ উল্লেখ্য যে, COVID-19 প্ৰতিৰোধৰ বাবে 23 মাৰ্চত নেপাল-ভাৰত সীমা বন্ধ ঘোষণা কৰিছিল নেপালে ৷