নিউজ ডেস্ক, ২৫ জুন : কৰ্ণাটকৰ বেলগাঁও জিলাৰ বাইলহংগাল পঞ্চায়তৰ অন্তৰ্গত হান্নিকেৰি গাঁৱত বিগত ১০ বছৰে এজন মানসিকভাবে বিকাৰগস্ত ব্যক্তিক আবদ্ধ কৰি ৰখা হৈছে ।
পৰিয়ালৰ লোকে জনোৱা অনুসৰি, বিনা কাৰণতে মানুহক শিল বা অন্য চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ বাবে পৰিয়ালৰ লোকে এটা জৰাজীৰ্ণ ঘৰত বিগত ১০ বছৰৰ পৰা আবদ্ধ কৰি ৰাখিছে । ব্যক্তিজনক এটা অন্ধকাৰ কোঠাত আবদ্ধ কৰি ৰাখিছে য'ত বিগত ১০ বছৰৰ পৰা ব্যক্তিজনক কোনো ধৰণৰ চিকিৎসা প্ৰদান কৰা হোৱা নাই ।