অসম

assam

ETV Bharat / bharat

গালৱান সংঘৰ্ষৰ শ্বহীদৰ নামেৰে লাডাখত স্মাৰক নিৰ্মাণ

15 জুনত গালৱান উপত্যকাত প্ৰাণ হেৰুওৱা 20 ভাৰতীয় জোৱানৰ স্মাৰক নিৰ্মাণ কৰা হয় ৷ লাডাখৰ দুৰ্বাক, শিয়ক আৰু দৌলত বেগ অল্ডি অঞ্চলক সংলগ্ন কৰা পোষ্ট 120 ত নিৰ্মাণ কৰা হৈছে এই স্মাৰক ৷

20 ভাৰতীয় জোৱানৰ স্মৃতিসৌধ নিৰ্মাণ
গলৱান সংঘৰ্ষৰ শ্বহীদৰ নামেৰে লাডাখত স্মৃতিসৌধ নিৰ্মাণ

By

Published : Oct 3, 2020, 10:04 PM IST

নেশ্যনেল ডেস্ক, 3 অক্টোবৰ :15 জুনত ইষ্টাৰ্ন লাডাখৰ গালৱান উপত্যকাত চীনৰ সৈন্যৰ সৈতে সংঘৰ্ষত প্ৰাণ হেৰুওৱা 20 ভাৰতীয় জোৱানৰ স্মাৰক নিৰ্মাণ কৰা হয় ৷ লাডাখৰ দুৰ্বাক, শিয়ক আৰু দৌলত বেগ অল্ডি অঞ্চলক সংলগ্ন কৰা পোষ্ট 120 ত নিৰ্মাণ কৰা হৈছে এই স্মাৰক ৷

গালৱান সংঘৰ্ষৰ শ্বহীদৰ নামেৰে লাডাখত স্মাৰক নিৰ্মাণ

এই স্মাৰকত উল্লেখ কৰা হৈছে যে, কৰ্ণেল বাবুৰ নেতৃত্বত সেনা বাহিনীয়ে সাহসেৰে যুঁজি চীনা বাহিনীৰ বিস্তৰ ক্ষতিসাধন কৰিছিল ৷ যুঁজত ভাৰতৰ 20 জন বীৰ 'শ্বহীদ' হৈছিল ৷

এই স্মাৰকত 20 জন জোৱানৰ নাম উল্লেখ কৰা হৈছে ৷ এই জোৱানসকলৰ নাম দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকতো খোদিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় স্থল সেনাই ৷

গালৱান সংঘৰ্ষৰ শ্বহীদৰ নামেৰে লাডাখত স্মাৰক নিৰ্মাণ

17 ছেপ্তেম্বৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সংসদত কৈছিল যে, এই সংঘৰ্ষ সম্পৰ্কত ভাৰতীয় সেনাই ধৈৰ্য আৰু সাহসৰ প্ৰমাণ দিছে ৷ তেওঁ কয়, "আমাৰ সেনা ধৈৰ্য, সাহস আৰু পৰাক্ৰমৰ জীৱিত প্ৰতীক ৷"

লগতে পঢ়ক :উত্তৰ প্ৰদেশত পুনৰ নাবালিকা ধৰ্ষণ

ABOUT THE AUTHOR

...view details