নিউজ ডেস্ক, 25 ফেব্ৰুৱাৰীঃমঙলবাৰে আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পে দিল্লীৰ এখন বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয় পৰিদৰ্শনৰ লগতে ‘হেপ্পিনেছ ক্লাছ’ত অংশ গ্ৰহণ কৰে ৷
দিল্লী সুৰক্ষা সংস্থাৰ নিৰ্দেশ অনুসৰি বিদ্যালয়খনত প্ৰৱেশ কৰা পথসমূহ সুৰক্ষিত কৰি তোলাৰ লগতে পথৰ দাঁতিত থকা গছবোৰ কাটি দিয়া হয় ৷ জানিব পৰা মতে, মেলানিয়া ট্ৰাম্পে দুপৰীয়াৰ ভাগত দক্ষিণ দিল্লীৰ নিকটৱৰ্তী বিদ্যালয়ত উপস্থিত হৈ এঘণ্টা সময় অতিবাহিত কৰে ৷ তেওঁ বিদ্যালয়ৰ শ্ৰেণীসমূহ পৰিদৰ্শন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰাৰ উপৰিও হেপ্পিনেছ ক্লাছত ভাগ লয় ৷
দিল্লীৰ বিদ্যালয়ত মেলানিয়া ট্ৰাম্প প্ৰশাসনিক বিষয়াই জনোৱা মতে, মেলানিয়া ট্ৰাম্পৰ বিদ্যালয় পৰিদৰ্শনৰ বাবে বাট-পথসমূহৰ মেৰামতি কৰা হয়, ফুটপাথৰ দেৱালসমূহ বিভিন্ন চিত্ৰৰে নতুনকৈ অলংকৃত কৰা হয় আৰু বিদ্যালয়ৰ আশে-পাশে থকা অঞ্চলসমূহত গছপুলি ৰোপন কৰা হয় ৷ সোমবাৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে দুদিনীয়া ভাৰত ভ্ৰমণলৈ আহিছে ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্প ৷
ছাত্ৰ-ছাত্ৰীৰ সৈতে সময় অতিবাহিত আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ-মুখ্যমন্ত্ৰী মনীষ ছিচদিয়াই প্ৰথমে স্কুলত উপস্থিত হৈ মেলানিয়া ট্ৰাম্পক আদৰণি জনোৱাৰ লগতে হেপ্পিনেছ ক্লাছ সম্পৰ্কে বৰ্ণনা দিয়াৰ কথা আছিল ৷ কিন্তু মাৰ্কিন ৰাষ্ট্ৰদূতে শনিবাৰে মুখ্যমন্ত্ৰী কেজৰিৱাল আৰু ছিচদিয়াই নাম এই কাৰ্যসূচীত অন্তৰ্ভুক্ত হোৱা নাই বুলি নগৰ প্ৰশাসনক জানিবলৈ দিয়ে ৷
আম আদমী পাৰ্টিয়ে আপত্তি দৰ্শাই কয় যে, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে মুখ্যমন্ত্ৰী কেজৰিৱাল আৰু ছিচদিয়াই নাম কাৰ্যসূচীৰ পৰা আঁতৰাই দিয়ে ৷ দিল্লীৰ শিক্ষামন্ত্ৰী মনীষ ছিচদিয়াই কয় যে, তেওঁৰ মেলানিয়া ট্ৰাম্পক সাক্ষাৎ কৰাৰ ইচ্ছা আছিল যদিও মাৰ্কিন ৰাষ্ট্ৰদূতে দিয়া নিৰ্দেশক সন্মান জনাইছে ৷
দুদিনীয়া ভাৰত ভ্ৰমণত মেলানিয়া ট্ৰাম্প উল্লেখ্য যে, 2018 চনত দিল্লী চৰকাৰে পোনপ্ৰথমে এই ‘হেপ্পিনেছ ক্লাছ’ আৰম্ভণি কৰিছিল ৷ প্ৰথম শ্ৰেণীৰ পৰা অষ্ঠম শ্ৰেণীলৈ দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহত এই পাঠ্যক্ৰমৰ আৰম্ভণি কৰা হৈছে ৷ 45 মিনিটলৈ প্ৰত্যেক দিনা অনুষ্ঠিত হয় এই পাঠদান ৷ য’ত থাকে কাহিনী, ধ্যান, প্ৰশ্নোত্তৰৰ বিভিন্ন শিতান ৷ আনহাতে নাৰ্চাৰীৰ পৰা কিন্দাৰগাৰ্ডেন শ্ৰেণীৰ বাবে প্ৰতি সপ্তাহত দুদিনকৈ পাঠদান অনুষ্ঠিত কৰা হয় ৷