জম্মু-কাশ্মীৰ, 15 মাৰ্চ: বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিয়ে প্ৰকাশ কৰে যেভাৰত আৰু পাকিস্তানৰ মাজৰ বেয়া সম্পৰ্কৰ ফল ভুগিছে কেৱল জম্মু আৰু কাশ্মীৰে ৷ ভাৰত আৰু পাকিস্তানৰ সীমান্তত অৱস্থিত কৰ্টাৰপুৰ কৰিডৰৰ সমস্যাসন্দৰ্ভত তেওঁ কয় যেৰাষ্ট্ৰ দুখনে কৰ্টাৰপুৰ কৰিডৰৰ সন্দৰ্ভত আলোচনাত মিলিত হ'ব ৷ মূল কথাটো হৈছে এই ক্ষেত্ৰতোকেৱল জম্মু-কাশ্মীৰ আৰু ইয়াৰ বাসিন্দাসকলেই অসুবিধাৰ সন্মুখীন হৈ আছে ৷ কেতিয়াবা যদি ৰাৱালাকোটৰ পথ বন্ধ কৰি দিয়া হয়, কেতিয়াবা বন্ধ হৈ পৰে উৰিৰ পথ ৷
ভাৰত-পাকিস্তানৰ সংঘাতৰ ফল একমাত্ৰ জম্মু কাশ্মীৰে ভুগিব লাগেঃ মেহবুবা মুফটি - জম্মু-কাশ্মীৰ
দুয়োখন ৰাষ্ট্ৰৰ সংঘাতৰ ফল কেৱল জম্মু-কাশ্মীৰে ভোগ কৰিবলগীয়া হয় বুলি মন্তব্য জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ৷ কৰ্টাৰপুৰ কৰিডৰৰ সমস্যাৰ প্ৰসংগৰে এনেদৰে কয় মেহবুবা মুফটিয়ে ৷
![ভাৰত-পাকিস্তানৰ সংঘাতৰ ফল একমাত্ৰ জম্মু কাশ্মীৰে ভুগিব লাগেঃ মেহবুবা মুফটি](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2695022-1040-2b9dd678-5e05-42b0-b76c-ba8296556538.jpg)
etv bharat
যুটীয়া বিবৃতিৰ জৰিয়তে দুয়োখন ৰাষ্ট্ৰই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত 'গভীৰ আৰু গঠনমূলক' আলোচনাত মিলিত হ'ব বুলি প্ৰকাশ কৰাৰ পাচতেই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছেজম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ অহা 19 মাৰ্চত ভাৰত আৰু পাকিস্তানে এইবিষয়ত আলোচনাত মিলিত হ'ব ৷ ইয়াৰোপৰি ইয়াৰ দ্বিতীয় পৰ্যায়ৰ আলোচনাঅনুষ্ঠিত হ'ব অহা 2 এপ্ৰিলত৷