নিউজ ডেস্ক, 1 জানুৱাৰী : জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ লাৱেপৰা অঞ্চলত যোৱা দুদিনৰ আগত তিনি যুৱকৰ ওপৰত হোৱা এনকাউন্টাৰৰ ঘটনাৰ নিৰপেক্ষ তদন্ত বিছাৰি লেফটেনেন্ট গভৰ্ণৰ মনোজ সিনহালৈ পত্ৰ প্ৰেৰণ কৰিলে PDP মূৰব্বী মেহবুবা মুফতিয়ে ৷
পত্ৰ যোগে তেওঁ কয়, এনকাউন্টাৰত মৃত্যু হোৱা তিনি যুৱকৰ মৃত দেহ পৰিয়ালৰ লোকক গতাই দিব লাগে আৰু এই ঘটনাৰ নিৰপেক্ষ তদন্ত হ'ব লাগে ৷ নিৰাপত্তা বাহিনীয়ে সন্দেহজনক ভাৱে অচিনাক্ত যুৱকক এনকাউন্টাৰ কৰা কাৰ্যই নাগৰিকৰ নিৰাপত্তাক ধ্বংস কৰা লগতে মানৱ অধিকাৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰে বুলি মত প্ৰকাশ কৰিছে PDP মূৰব্বী গৰাকীয়ে ৷