নেশ্বনেল ডেস্ক, 5 আগষ্ট : জম্মু - কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটী আৰু নেশ্বনেল কনফাৰেন্সৰ প্ৰধান ওমৰ আব্দুল্লা সহ আন বহুকেইজন ৰাজনৈতিক বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে ৷ জম্মু - কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলকৰণৰ প্ৰস্তাৱ ৰাজ্যসভাত উত্থাপন হোৱাৰ পূৰ্বে এনেদৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰি শ্ৰীনগৰৰ চৰকাৰী অতিথিশালালৈ লৈ যোৱা হয় ৷
গ্ৰেপ্তাৰ মেহবুবা মুফটী আৰু ওমৰ আব্দুল্লা নজৰবন্দী - শ্ৰীনগৰৰ চৰকাৰী অতিথিশালা
গ্ৰেপ্তাৰ কৰা হৈছে মেহবুবা মুফটী আৰু ওমৰ আব্দুল্লাক ৷ তেওঁলোকক বৰ্তমান শ্ৰীনগৰৰ চৰকাৰী অতিথিশালাত ৰখা হৈছে ৷
মেহবুবা মুফটী
উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে ৰাজ্যসভাত অনুচ্ছেদ 370 বাতিলকৰণৰ প্ৰস্তাৱ উত্থাপন কৰে ৷ ইয়াৰোপৰি, চৰকাৰে জম্মু - কাশ্মীৰক দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ প্ৰস্তাৱ ৰাখে ৷
কাশ্মীৰৰ আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰেপ্তাৰ কৰা হৈছে নেতা দুগৰাকীক ৷
Last Updated : Aug 5, 2019, 11:34 PM IST