নিউজ ডেস্ক, 14 অক্টোবৰ : মেঘালয়ৰ পশ্চিম খাচী পাহাৰত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ এজন 80 বছৰীয়া ব্যক্তিক ডাইনী সন্দেহত পৰিয়ালৰ লোকে জীৱিত অৱস্থাত পুতি পেলায় ৷ মঙলবাৰে এই কথা সদৰি কৰিছে আৰক্ষীয়ে ৷
মৃত লোকজন মৰিচ মাৰ্নগৰ বুলি চিনাক্ত কৰা হৈছে ৷ আৰক্ষীয়ে লোকজনৰ মৃতদেহ পাঁচ ফুট দ‘ গাঁতৰ পৰা উদ্ধাৰ কৰিছে ৷ আৰক্ষীৰ মতে,মৃতদেহটোৰ অংগ সমূহ বান্ধি থোৱা অৱস্থাত আছে তথা মৃতদেহটো উদ্ধাৰৰ সময়ত মুখমণ্ডল কাপোৰৰে ঢাকি থোৱা আছিল ৷