নেশ্যনেল ডেস্ক, ১১ ডিচেম্বৰ: শুক্ৰবাৰে COVID-১৯ত আক্ৰান্ত হয় মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা । মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটযোগে কয় যে, 'মই COVID-১৯ত আক্ৰান্ত । মই বৰ্তমান হোম আইছ'লেছনত আছো আৰু মোৰ দেহত মহামাৰী কিছু লক্ষণে দেখা দিছে । যোৱা ৫টা দিনত মোক লগ পোৱা সকলোৱে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক আৰু প্ৰয়োজন সাপেক্ষে পৰীক্ষা কৰাওক । লগতে সকলো সুৰক্ষিত থাকক ।'
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, ১১ ডিচেম্বৰৰ পুৱা ৮ বাজালৈকে আই এছ টি মেঘালয়ে COVID-১৯ৰ ৪৬টা নতুনকৈ আক্ৰান্ত হোৱাৰ কথা সদৰি কৰিছে । নতুনকৈ আক্ৰান্ত ৰোগীসহ বৰ্তমান মুঠ সক্ৰিয় ঘটনাৰ সংখ্যা ৫৮০ জনলৈ বৃদ্ধি পাইছে । নতুনকৈ মহামাৰীত আক্ৰান্ত হৈ ৰাজ্যখনত এজন লোকৰ মৃত্যু হৈছে আৰু বৰ্তমান ১২৩ জন লোকে প্ৰাণ হেৰুৱাইছে । অৱশ্য়ে এতিয়ালৈকে ১১,৮৮৩ জন আৰোগ্য হৈ উঠিছে ।