নিউজ ডেস্ক, 18 ছেপ্তেম্বৰ: গোৰ্খা ৰাজ্য সন্দৰ্ভত মত প্ৰকাশ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ ৷ গোৰ্খা সম্প্ৰদায়ৰ বাবে সুকীয়া ৰাজ্য ‘গোৰ্খালেণ্ড’ গঠন হ’ব লাগে বুলি মতামত আগবঢ়ায় মুখ্যমন্ত্ৰী চাংমাই ৷
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ শেহতীয়াকৈ প্ৰেৰণ কৰা এক পত্ৰত মুখ্যমন্ত্ৰী চাংমাই উল্লেখ কৰে যে, ‘‘গোৰ্খাসকলো যোগ্য ভাৰতীয় নাগৰিক, তেওঁলোকৰ নিজা পৰিচয় আৰু মাতৃভূমি আছে’’ ৷
পত্ৰখনৰ জৰিয়তে তেওঁ গৃহমন্ত্ৰীক আহ্বান জনাই কয় যে, ‘‘মহোদয়, ভাৰতীয় সমাজ ব্যৱস্থাৰ ফেব্ৰিক উদ্যোগত গোৰ্খাসকলৰ অৱদান উল্লেখনীয় ৷ গোৰ্খাসকলো ভাৰতীয় নাগৰিক, তেওঁলোকৰো নিজা পৰিচয় আৰু মাতৃভূমি আছে’’ ৷