অসম

assam

মেঘালয় স্কুল শিক্ষা বোৰ্ডে ঘোষণা কৰিলে দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল

By

Published : Jul 9, 2020, 10:32 PM IST

বৃহস্পতিবাৰে ঘোষণা কৰা মেঘালয়ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল অনুসৰি বিজ্ঞান শাখাত ৭২.২৪ শতাংশ আৰু বাণিজ্য শাখাত ৭৭.২৮ শতাংশ ছাত্ৰ-ছাত্ৰী উৰ্ত্তীৰ্ণ হয়। বিজ্ঞান শাখাত মুঠ ৪৬৮ নম্বৰ লাভেৰে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় কৌস্তৱ চৌধুৰীয়ে।

Meghalaya Board of School Education
Meghalaya Board of School Education declares class 12 results

নিউজ ডেস্ক, ৯ জুলাইঃ মেঘালয় স্কুল শিক্ষা বৰ্ডে বৃহস্পতিবাৰে ঘোষণা কৰে ২০১৯-২০ বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল । জুন মাহত অনুষ্ঠিত হৈছিল ৰাজ্যিক শিক্ষা বৰ্ডৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা । কিন্তু কোভিড-১৯ মহামাৰীৰ বাবে ঘোষণা কৰা লকডাউনৰ ফলত কেইবাটাও বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰাত বাধা আহি পৰিছিল । ৮-১০ জুনৰ ভিতৰত অনুষ্ঠিত হ'বলগীয়া আছিল গণিত, শাৰিৰীক শিক্ষা আৰু পৰিসংখ্যা বিষয়ৰ পৰীক্ষা ।

বৃহস্পতিবাৰে ঘোষণা কৰা ফলাফল অনুসৰি বিজ্ঞান শাখাত ৭২.২৪ শতাংশ আৰু বাণিজ্য শাখাত ৭৭.২৮ শতাংশ ছাত্ৰ-ছাত্ৰী উৰ্ত্তীৰ্ণ হয় । বিজ্ঞান শাখাত মুঠ ৪৬৮ নম্বৰ লাভেৰে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় কৌস্তৱ চৌধুৰীয়ে । আনহাতে, অনিৰ্বান দাস আৰু দিশা চক্ৰৱৰ্তীয়ে যুতীয়াভাৱে দ্বিতীয় স্থান দখল কৰাৰ পৰিৱৰ্তে অল আমিন মিঞাই লাভ কৰে তৃতীয় স্থান।

ইয়াৰ বিপৰীতে, বাণিজ্য শাখাত মুঠ ৪৪৫ নম্বৰ লাভ কৰি কমল শৰ্মাই প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় । একেদৰে, ৪৪৪ আৰু ৪৩৯ নম্বৰ লাভেৰে তালিকাৰ দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে বিনোদ প্ৰজাপট আৰু কুমাৰ অয়ন শৰ্মাই।

ABOUT THE AUTHOR

...view details