অসম

assam

ETV Bharat / bharat

অযোধ্যাৰ এজন ১২ বছৰীয়া কিশোৰৰ আশ্বৰ্যকৰ প্ৰতিভা - author

১২ বছৰীয়া কিশোৰজনে "আজ কা অভিমন্যু "ছদ্ম নামত লিখি উলিয়াইছে প্ৰায় ১৩৫ খন  গ্ৰন্থ

অযোধ্যাৰ এজন ১২ বছৰীয়া কিশোৰৰ আশ্বৰ্যকৰ প্ৰতিভা

By

Published : Jul 10, 2019, 1:50 PM IST

নিউজ ডেক্স,১০ জুলাইঃঅযোধ্যাৰ এজন ১২ বছৰীয়া কিশোৰৰ আশ্বৰ্যকৰ প্ৰতিভাই বিস্মিত কৰি তুলিছে সকলোকে। এতিয়ালৈকে প্ৰায় ১৩৫ খন কিতাপ লিখা কিশোৰজনে মুঠ ৪টা বিশ্ব ৰেৰ্কড গঢ়িবলৈ সক্ষম হৈছে।

অযোধ্যাৰ এজন ১২ বছৰীয়া কিশোৰৰ আশ্বৰ্যকৰ প্ৰতিভা

এই বিশেষ গুণৰ অধিকাৰী কিশোৰজনে 'আজ কা অভিমন্যু' ছদ্ম নামেৰে লিখি উলিয়াই এই সকলোবোৰ কিতাপ। প্ৰকৃততে এই কিশোৰজনৰ নাম মৃগেন্দ্ৰ ৰাজ ।জানিব পৰা মতে, কিশোৰজনে ৬ বছৰ বয়সৰ পৰাই কিতাপ লিখিবলৈ আৰম্ভ কৰে। মৃগেন্দ্ৰ ৰাজৰ প্ৰথমখন কিতাপ আছিল এখন কবিতা সংকলন। তাৰ পাছতে ধৰ্মীয় আৰু সফল ব্যক্তিৰ জীৱনীমূলক গ্ৰন্থ লিখিবলৈ আৰম্ভ কৰে কিশোৰজনে। কিশোৰজনে জনোৱা মতে, তেওঁ ৰামায়ণৰ ৫১ টা চৰিত্ৰৰ ওপৰত বিশ্লেষণ আগবঢ়াই লিখা গ্ৰন্থৰ বাবে লণ্ডনৰ ৱৰ্ল্ড ইউনিভাৰ্চিটীৰ অফ ৰেকৰ্ডৰ পৰা ডক্টৰেট ডিগ্ৰীৰ বাবে প্ৰস্তাৱো পাইছে । তেওঁ লগতে জনাই যে,ভৱিষ্যতেও এনেদৰে বিভিন্ন বিষয়ৰ ওপৰত তেওঁ কিতাপ লিখি যাব ।উল্লেখ্য যে, মৃগেন্দ্ৰ ৰাজৰ পিতৃ এটা ৰাজ্যিক কুঁহিয়াৰ ইণ্ডাষ্ট্ৰীত কৰ্মৰত হোৱাৰ লগতে মাতৃয়ে এখন ব্যক্তিগত শিক্ষানুষ্ঠানত শিক্ষকতা কৰে ।




ABOUT THE AUTHOR

...view details