নিউজ ডেস্ক, 23 চেপ্তেম্বৰঃএগৰাকী সাধাৰণ কেব চালক, নাম তেওঁৰ ৰানী কিন্নৰ ৷ এই ৰানী কিন্নৰ হৈছে দেশৰ প্ৰথমগৰাকী কেব চালক যিয়ে ফাইভ ষ্টাৰ ৰেটিং পাবলৈ সক্ষম হৈছে ৷ কিন্তু ৰানী কিন্নৰৰ এই যাত্ৰা সাধাৰণ হৈয়ো বহুতৰ বাবেই অসাধাৰণ হিচাপে চিহ্নিত হৈছে ৷ কিয়নো এই ৰানী কিন্নৰেই হৈছে দেশৰ প্ৰথমগৰাকী তৃতীয় লিংগৰ কেব ড্ৰাইভাৰ যিয়ে গাড়ী চলাই নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ লগতে গ্ৰাহকৰ পৰা ফাইভ ষ্টাৰ ৰেটিং পাবলৈ সক্ষম হৈছে ৷
সকলো সামাজিক বাধা অতিক্ৰম কৰি প্ৰথমে গাড়ীচালনাৰ প্ৰশিক্ষণ আৰু তাৰ পিচতে এটা বহুজাতিক কোম্পানীৰ সৈতে চুক্তিবদ্ধ হয় ৰানী ৷ ৰানীৰ এই যাত্ৰাত সহযোগ কৰে বহুজাতিক পৰিবহন সংস্থা তথা কেব সেৱা আগবঢ়োৱা উবেৰৰ এগৰাকী গাড়ীচালকে ৷ প্ৰথম অৱস্থাত অটোৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা ৰানীয়ে পৰৱৰ্তী সময়ত উবেৰৰ সৈতে গাড়ীচালক হিচাপে চুক্তিবদ্ধ হয় ৷ উৰিষ্যাৰ ভুৱনেশ্বৰ চহৰৰ বাসিন্দা ৰানীয়ে নিজৰ সফলতাৰ বাবে তেওঁ কৰা কষ্ট আৰু ৰাইজৰ সহযোগিতাক শ্ৰেয় দিব বিছাৰে ৷ অন্যান্য তৃতীয় লিংগৰ লোকসকলৰ বিপৰীতে এক সুস্থিৰ আৰু সন্মানীয় জীৱন অতিবাহিত কৰিব বিচৰা ৰানীয়ে এতিয়া নিজাকৈ গাড়ী ক্ৰয় কৰি দিনে নিশাই গ্ৰাহকক হাঁহিমুখে সেৱা আগবঢ়াই আহিছে ৷