অসম

assam

ETV Bharat / bharat

মেডিকেল ছাত্ৰীৰ আত্মহত্যা : মানসিক নিৰ্যাতনৰ অভিযোগ

জ্যেষ্ঠ চিকিৎসকৰ মানসিক নিৰ্যাতনৰ ফলত ২৩ বছৰীয়া এগৰাকী ছাত্ৰীয়ে মুম্বাইৰ নায়াৰ চিকিৎসালয়ত আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ।

আগ্ৰীপৰা আৰক্ষী থানা

By

Published : May 26, 2019, 10:12 AM IST

নিউজ ডেস্ক, ২৬ মে': মুম্বাইৰ নায়াৰ চিকিৎসালয়ত জ্যেষ্ঠ চিকিৎসকৰ মানসিক নিৰ্যাতনৰ বলি হোৱাৰ ফলত এগৰাকী ২৩ বছৰীয়া ছাত্ৰীয়ে আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে । ইতিমধ্যে পৰিয়ালৰ লোকে ৰেগিং বিৰোধী আইনৰ অধীনত আগ্ৰীপৰা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে ।

মেডিকেল ছাত্ৰীৰ আত্মহত্যা : মানসিক নিৰ্যাতনৰ অভিযোগ

আগ্ৰীপৰাৰ আৰক্ষী অধীক্ষক দীপক কুন্দলে জনোৱা অনুসৰি ছাত্ৰী গৰাকীয়ে সংৰক্ষিত আসনত নামভৰ্তি লাভ কৰাৰ বাবেই জ্যেষ্ঠ চিকিৎসকে মানসিক নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন হৈছে ।

ABOUT THE AUTHOR

...view details