অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাত চিপ লোৱা অৱস্থাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ - বেলোনিয়া

ত্ৰিপুৰাত চিকিৎসা বিজ্ঞানত অধ্যয়নৰত এগৰাকী ছাত্ৰৰ মৃত্যু ৷ ছাত্ৰগৰাকী দক্ষিণ ত্ৰিপুৰাৰ বেলোনিয়াৰ বাসিন্দা 23 বছৰীয়া আদৰ্শ দে ৷ ছাত্ৰাবাসৰ কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ ছাত্ৰগৰাকীৰ মৃতদেহ ৷ মেধাৱী ছাত্ৰগৰাকীৰ মৃত্যুত সহপাঠীসকলৰ শোকপ্ৰকাশ ৷

Medical student commits suicide in AGMC hostel in tripura assam etv bharat news
ত্ৰিপুৰাত চিপ লোৱা অৱস্থাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

By

Published : Dec 29, 2020, 12:20 PM IST

ত্ৰিপুৰা,29 ডিচেম্বৰ:ত্ৰিপুৰাত সংঘটিত হৈছে এক কৰুণ ঘটনা ৷ আগৰতলা চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰই সোমবাৰে নিশা ছাত্ৰাবাসৰ কোঠাত আত্মহত্যা কৰে ৷ নৱম ছেমিষ্টাৰত অধ্যয়নৰত ছাত্ৰগৰাকী দক্ষিণ ত্ৰিপুৰাৰ বেলোনিয়াৰ বাসিন্দা 23 বছৰীয়া আদৰ্শ দে বুলি চিনাক্ত কৰা হৈছে ৷ আদৰ্শই 2016 চনত বেলোনিয়া ইংৰাজী মিডিয়াম বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল ৷

চিপ লোৱা অৱস্থাত উদ্ধাৰ আদৰ্শ দেৰ মৃতদেহ

ইফালে ঘটনা সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি এই আত্মহত্যাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷ এগৰাকী জ্যেষ্ঠ চিকিৎসা বিষয়াই প্ৰকাশ কৰে যে, মহাবিদ্যালয়খনৰ তথ্য অনুসৰি ছাত্ৰগৰাকীয়ে সোমবাৰে সকলো শ্ৰেণীত উপস্থিত থকাৰ পিছত সন্ধিয়া সময়ত আকস্মিকভাৱে নিৰুদ্দেশ হৈ পৰে ৷ বহু বিচাৰ-খোচাৰৰ অন্তত সহপাঠীসকলে কোঠাৰ দুৱাৰ ভাঙি আদৰ্শক চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰে ৷ মেধাৱী ছাত্ৰগৰাকীৰ মৃত্যুত সহপাঠীসকলে শোকপ্ৰকাশ কৰে ৷

স্থানীয় আৰক্ষীয়ে একাংশ আত্মীয়ৰ সৈতে ছাত্ৰগৰাকীৰ পিতৃ-মাতৃক ছাত্ৰ আৱাসলৈ পঠিয়াই দিয়ে ৷ অশোক দেৰ একমাত্ৰ সন্তান আদৰ্শই ছ’চিয়েল মিডিয়া ফেচবুকৰ প’ষ্টত কেইবাটাও ব্যৱসায়িক কামত জড়িত থকাৰ বিষয়ে উল্লেখ কৰিছিল ৷

উল্লেখ্য যে,চৰকাৰী চিকিৎসা মহাবিদ্যালয়খনৰ ছাত্ৰ আৱাসত সংঘটিত এয়া তৃতীয়টো ঘটনা ৷ পূৰ্বে আৱাসটোত থকা এগৰাকী ছাত্ৰই 2010 চনত অনুৰূপ পথ বাছি লৈছিল ৷ ঘটনা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ তদন্ত ৷

লগতে চাওকঃইণ্ডিয়ান বুক অফ ৰেকৰ্ডত নাম লিখিলে টীয়কৰ পদ্মনাভ বনিয়াই

ABOUT THE AUTHOR

...view details