চিমলা,28 নৱেম্বৰ:কোভিড 19 মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিগত প্ৰায় 9 মাহে বন্ধ হৈ আছিল হিমাচল প্ৰদেশৰ চিকিৎসা মহাবিদ্যালয়সমূহ ৷ ৰাজ্যখনৰ স্বাস্থ্য সচিব অমিতাভ অৱস্থিয়ে 1 ডিচেম্বৰৰ পৰা চিকিৎসা আৰু নাৰ্চিং মহাবিদ্যালয়সমূহ 100 গৰাকী কৰ্মচাৰীৰ সৈতে পুনৰ আৰম্ভ হোৱাৰ বিষয়ে ঘোষণা কৰে ৷
অৱস্থিয়ে জনোৱা অনুসৰি, চিকিৎসা, নাৰ্চিং আৰু পেৰামেডিকেলৰ ছাত্ৰসকলে পাঠদানত অংশগ্ৰহণ কৰাৰ পূৰ্বে কোভিড 19 ৰ পৰীক্ষা কৰিব লাগিব ৷ ইয়াৰ লগতে শিক্ষাৰ্থীসকলৰ অভিভাৱকৰ সন্মতিপত্ৰ দৰকাৰী হ’ব ৷ প্ৰথম আৰু চূড়ান্ত বৰ্ষৰ পৰীক্ষা 1 ডিচেম্বৰৰ পৰা আৰু বাকী শ্ৰেণীসমূহ 7 ডিচেম্বৰৰ পৰা পুনৰ আৰম্ভ হ’ব ৷
স্বাস্থ্য সচিবগৰাকীয়ে লগতে কয় যে, কৰ’ণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰসমূহত প্ৰয়োজনীয় সা-সুবিধাযুক্ত বিচনা আৰু অক্সিজেনৰ পৰ্যাপ্ত যোগান ধৰা হৈছে ৷ চিকিৎসালয়সমূহত অতিৰিক্ত 100 অক্সিডেন চিলিণ্ডাৰৰ যোগান ধৰা হৈছে ৷ স্বাস্থ্য বিভাগ আৰু হিমাচল চৰকাৰে মহামাৰীবিধৰ সৈতে যুঁজিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ আছে ৷