অসম

assam

ETV Bharat / bharat

অষ্ট্ৰিয়াস্থিত ভাৰতৰ ৰাষ্ট্ৰদূতৰ বদলিক লৈ ৰহস্য - MEA Says Ambassador To Austria Transferred Not Recalled

ভাৰতীয় বৈদেশিক সেৱাত যোগদানৰ পূৰ্বে ইণ্ডিয়ান চিভিল একাউণ্টচ্ চাৰ্ভিছৰ এগৰাকী বিষয়া হিচাপে ১৯৮৫ চনৰ পৰা ১৯৮৮ চনলৈকে ৰেণু পালে নতুন দিল্লীত বিত্ত মন্ত্ৰণালয়ৰ সহকাৰী হিচাপ নিয়ন্ত্ৰক হিচাপে কৰ্মৰত আছিল । ভাৰতীয় ৰাষ্ট্ৰদূত ৰেণু পালক চৰকাৰৰ ধন অপব্যৱহাৰ কৰাৰ অভিযোগত দেশলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ নিৰ্দেশ দিয়া বুলি ওলোৱা বাতৰিৰ পৰা ৰহস্যজনকভাৱে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে দূৰত্বত অৱস্থান কৰিছে ।

অষ্ট্ৰিয়াস্থিত ভাৰতৰ ৰাষ্ট্ৰদূতৰ বদলিক লৈ ৰহস্য
অষ্ট্ৰিয়াস্থিত ভাৰতৰ ৰাষ্ট্ৰদূতৰ বদলিক লৈ ৰহস্য

By

Published : Jan 19, 2020, 11:06 PM IST

ভাৰতীয় ৰাষ্ট্ৰদূত ৰেণু পালক চৰকাৰৰ ধন অপব্যৱহাৰ কৰাৰ অভিযোগত দেশলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ নিৰ্দেশ দিয়া বুলি ওলোৱা বাতৰিৰ পৰা ৰহস্যজনকভাৱে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে দূৰত্বত অৱস্থান কৰিছে । ৰেণু পালক সমান্তৰালভাৱে মণ্টেনেগ্ৰৰ বাবে স্বীকৃতি দিয়া হোৱাৰ লগতে এই বৰ্ষৰ জানুৱাৰী মাহত ভিয়েনাত তেওঁৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ কথা আছিল । কিন্তু তাৰ পূৰ্বে বিগত বৰ্ষৰ ৩০ ডিচেম্বৰত তেওঁক দিল্লীস্থিত মুখ্য কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হয় । ১৯৮৮ চনৰ ভাৰতীয় বৈদেশিক সেৱাৰ কূটনীতিবিদগৰাকী ভিয়েনাস্থিত আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ ভাৰতৰ স্থায়ী প্ৰতিনিধি হোৱাৰ লগতে আইএইএ অৰ্থাৎ ইণ্টাৰনেশ্বনেল এট’মিক এনাৰ্জী এজেন্সী ব’ৰ্ডৰ ভাৰতৰ গৱৰ্ণৰ । জানিব পৰামতে বৈদেশিক সেৱাৰ বিষয়াগৰাকীৰ বিৰুদ্ধে কেন্দ্ৰীয় ভিজিলেন্স আয়োগে চাকৰিৰ নিয়ম অমান্য আৰু ধনৰ অপব্যৱহাৰ সন্দৰ্ভত তদন্ত কৰি আছে । কিন্তু বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ ফালৰ পৰা প্ৰকাশ কৰা এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে পালৰ বদলিকৰণ সম্পূৰ্ণৰূপে প্ৰশাসনিক কাৰণত কৰা হৈছে আৰু একাংশ সংবাদ মাধ্যমে পূৰ্বতে লাভ কৰা বা প্ৰচাৰ কৰা তথ্যক মিছা আৰু ভিত্তিহীন আখ্যা দিয়ে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে এনেদৰে কয়, “অষ্ট্ৰিয়াস্থিত ভাৰতৰ ৰাষ্ট্ৰদূতক মুখ্য কাৰ্যালয়লৈ প্ৰত্যাৱৰ্তনৰ নিৰ্দেশ সম্পৰ্কীয় বাতৰিবোৰ তথ্যগতভাৱে আঁসোৱাহপূৰ্ণ । বিষয়াগৰাকীক মুখ্য কাৰ্যালয়লৈ বদলি কৰাৰ সিদ্ধান্ত প্ৰশাসনিক । এই সম্পৰ্কে তথ্যৰ বিভ্ৰান্তি কৰাটো দুখজনক।”


আনহাতে বিভাগীয় বিষয়াসকলে কেন্দ্ৰীয় ভিজিজেন্স আয়োগৰ তদন্ত সম্পৰ্কে মন্তব্য দিয়াৰ পৰা বিৰত থাকে আৰু প্ৰচাৰিত নোট সন্দৰ্ভত কয় যে তেনেধৰণৰ কোনো নোট বৈদেশিক পৰিক্ৰমা বিভাগে কোনো সংবাদ মাধ্যমক প্ৰদান কৰা নাই । এই সন্দৰ্ভত কুমাৰৰ মন্তব্য-এই বিষয়টোৰ লগত জড়িত কোনো নোট সংবাদ মাধ্যমক মন্ত্ৰণালয়ে প্ৰদান কৰা নাই । এই সম্পৰ্কীয় বাতৰিবোৰ ভুৱা আৰু ভিত্তিহীন। আনহাতে পালে কাম কৰা অঞ্চলটোতে কৰ্মৰত আন এগৰাকী কূটনীতিবিদে এই ঘটনা সন্দৰ্ভত আশ্চৰ্য প্ৰকাশ কৰে । সূত্ৰ অনুসৰি মুখ্য ভিজিজেন্স বিষয়াই পৰামৰ্শ দিয়া অনুসৰি বিভাগৰ আভ্যন্তৰীণ এক তদন্ত বাকী আছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে বিতৰ্কিত আভ্যন্তৰীণ নোট বা তথ্যখিনি কেনেদৰে সংবাদ মাধ্যমে লাভ কৰিলে সেয়াও চাব । অষ্ট্ৰিয়াত বদলি হোৱাৰ পূৰ্বে ৰেণু পালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ এগৰাকী যুটীয়া সচিব (আছিয়ান মাল্টিলেটাৰেল) হিচাপে কৰ্মৰত আছিল । তেওঁ বাৰ্লিনস্থিত ভাৰতীয় দূতাবাসৰ মিছনৰ উপ-মুখ্য হিচাপেও দায়িত্ব পালন কৰিছিল । ৱাশ্বিংটন ডিচি, পেৰিছ আৰু মস্কোতো বৈদেশিক সেৱাৰ বিষয়াগৰাকীয়ে কাম কৰিছিল । আনহাতে ভাৰতীয় বৈদেশিক সেৱাত যোগদানৰ পূৰ্বে ইণ্ডিয়ান চিভিল একাউণ্টচ্ চাৰ্ভিছৰ এগৰাকী বিষয়া হিচাপে ১৯৮৫ চনৰ পৰা ১৯৮৮ চনলৈকে ৰেণু পালে নতুন দিল্লীত বিত্ত মন্ত্ৰণালয়ৰ সহকাৰী হিচাপ নিয়ন্ত্ৰক হিচাপে কৰ্মৰত আছিল ।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details