ভাৰতীয় ৰাষ্ট্ৰদূত ৰেণু পালক চৰকাৰৰ ধন অপব্যৱহাৰ কৰাৰ অভিযোগত দেশলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ নিৰ্দেশ দিয়া বুলি ওলোৱা বাতৰিৰ পৰা ৰহস্যজনকভাৱে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে দূৰত্বত অৱস্থান কৰিছে । ৰেণু পালক সমান্তৰালভাৱে মণ্টেনেগ্ৰৰ বাবে স্বীকৃতি দিয়া হোৱাৰ লগতে এই বৰ্ষৰ জানুৱাৰী মাহত ভিয়েনাত তেওঁৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ কথা আছিল । কিন্তু তাৰ পূৰ্বে বিগত বৰ্ষৰ ৩০ ডিচেম্বৰত তেওঁক দিল্লীস্থিত মুখ্য কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হয় । ১৯৮৮ চনৰ ভাৰতীয় বৈদেশিক সেৱাৰ কূটনীতিবিদগৰাকী ভিয়েনাস্থিত আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ ভাৰতৰ স্থায়ী প্ৰতিনিধি হোৱাৰ লগতে আই এ ই এ অৰ্থাৎ ইণ্টাৰনেশ্বনেল এট’মিক এনাৰ্জী এজেন্সী ব’ৰ্ডৰ ভাৰতৰ গৱৰ্ণৰ । জানিব পৰামতে, বৈদেশিক সেৱাৰ বিষয়াগৰাকীৰ বিৰুদ্ধে কেন্দ্ৰীয় ভিজিলেন্স আয়োগে চাকৰিৰ নিয়ম অমান্য আৰু ধনৰ অপব্যৱহাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।
কিন্তু বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ ফালৰ পৰা প্ৰকাশ কৰা এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে, পালৰ বদলিকৰণ সম্পূৰ্ণৰূপে প্ৰশাসনিক কাৰণত কৰা হৈছে আৰু একাংশ সংবাদ মাধ্যমে পূৰ্বতে লাভ কৰা বা প্ৰচাৰ কৰা তথ্যক মিছা আৰু ভিত্তিহীন আখ্যা দিয়ে ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে এনেদৰে কয়, “অষ্ট্ৰিয়াস্থিত ভাৰতৰ ৰাষ্ট্ৰদূতক মুখ্য কাৰ্যালয়লৈ প্ৰত্যাৱৰ্তনৰ নিৰ্দেশ সম্পৰ্কীয় বাতৰিবোৰ তথ্যগতভাৱে আঁসোৱাহপূৰ্ণ । বিষয়াগৰাকীক মুখ্য কাৰ্যালয়লৈ বদলি কৰাৰ সিদ্ধান্ত প্ৰশাসনিক । এই সম্পৰ্কে তথ্যৰ বিভ্ৰান্তি কৰাটো দুখজনক ।”