অসম

assam

ETV Bharat / bharat

"বন্দে মাতৰম" অভিযানৰ বাবে বৈঠক বৈদেশিক মন্ত্ৰণালয়ৰ

প্ৰথম পৰ্যায়ত 7 মে' ৰ পৰা 13 মে' লৈ 64 খন বিমান প্ৰেৰণ কৰা হ'ব । গৰ্ভাৱতী মহিলা, বয়োজেষ্ঠ্য লোক আৰু ছাত্ৰ সকলক প্ৰথম পৰ্যায়ত অনা হ'ব ।

"বন্দে মাতৰম" অভিযানৰ বাবে বৈঠক বৈদেশিক মন্ত্ৰণালয়ৰ
"বন্দে মাতৰম" অভিযানৰ বাবে বৈঠক বৈদেশিক মন্ত্ৰণালয়ৰ

By

Published : May 7, 2020, 4:31 PM IST

নিউজ ডেস্ক, 7 মে': বিদেশত আৱদ্ধ হৈ থকা ভাৰতীয় লোকসকলক উদ্ধাৰৰ বাবে বিমান প্ৰেৰণৰ সিদ্ধান্ত লৈছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে । বুধবাৰে এই উদ্ধাৰ অভিযান সম্পৰ্কে আলোচনা কৰিবলৈ ভিডিঅ' কনফাৰেন্স যোগে বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰাংগলা এক বৈঠকত মিলিত হয় ৰাজ্যসমূহৰ মুখ্য সচিব সকলৰ সৈতে ।

বৈদেশিক মন্ত্ৰালয়ে বিদেশত আবদ্ধ থকা লোক সকলক উদ্ধাৰ কৰি ভাৰতলৈ উভতাই অনা অভিযানটোৰ নাম ৰাখিছে "বন্দে মাতৰম"।

বৈদিশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে জনোৱা এই অভিযানৰ পৰিকল্পনা অনুসৰি প্ৰথমে যি সমূহ দেশত ভাৰতীয় নাগৰিক আবদ্ধ হৈ আছে তালৈ বিমান পঠিওৱা হ'ব । এই ক্ষেত্ৰত তেওঁৰ দপ্তৰে স্বাস্থ্য মন্ত্ৰণালয় আৰু এভিয়েচন মন্ত্ৰণালয়ৰ লগত কেবাবাৰো আলোচনাত মিলিত হৈছে ।

চৰকাৰে বিদেশত থকা 3 লাখ লোকৰ নাম পঞ্জীয়ন কৰা হৈছে । তাৰ ভিতৰত গৰ্ভাৱতী মহিলা, বয়োজেষ্ঠ্য লোক আৰু ছাত্ৰ সকলক প্ৰথম পৰ্যায়ত অনা হ'ব ।

লোক সকলক ভাৰতলৈ অনাৰ পূৰ্বে আৰু আহি পোৱাৰ পাচতো সম্পূৰ্ণ স্ক্ৰিনিং কৰোৱা হ'ব আৰু বাধ্যতামূলক কোৱাৰেণ্টাইন কৰা হ'ব ।

প্ৰথমতে 64 খন বিমান প্ৰেৰণ কৰা হ'ব । মে'ৰ 7 তাৰিখৰ পৰা 13 তাৰিখলৈ বিমান সমূহ প্ৰেৰণ কৰা হ'ব আৰু 15,000 ভাৰতীয় নাগৰিকক অনা হ'ব ।

ইপিনে, ভাৰতীয় নৌ সেনায়ো দ্বীপ ৰাষ্ট্ৰত থকা ভাৰতীয় লোকক উদ্ধাৰৰ বাবে দুখন জাহাজ প্ৰেৰণ কৰিছে ।

ABOUT THE AUTHOR

...view details