অসম

assam

ETV Bharat / bharat

স্বাস্থ্য কৰ্মীক অৱহেলাৰ অভিযোগেৰে চৰকাৰক গৰিহনা মায়াৱতীৰ - ক'ভিড আক্ৰান্ত

বিএচপিৰ প্ৰধান মায়াৱতীৰ অভিযোগ, ক'ৰণাৰ চিকিৎসা সেৱাত নিয়োজিত স্বাস্থ্য কৰ্মী সকলক চৰকাৰে দিয়া নাই উচিত সুবিধা । ফলত চৰকাৰী অথবা বেচৰকাৰী ক'ভিড কেয়াৰ চিকিৎসালয় সমূহত নিয়োজিত স্বাস্থ্য কৰ্মী সকলৰ একাংশই আত্মহত্যাৰ দৰে সিদ্ধান্ত ল'বলৈকো বাধ্য হৈছে । বিএচপিৰ নেত্ৰী গৰাকীয়ে দাবী কৰা মতে, বাৰানসীৰ স্বাস্থ্য কৰ্মী সকলে ইতিমধ্যে চৰকাৰৰ স্বাস্থ্য বিভাগক পদত্যাগ পত্ৰ দাখিল কৰিছে ।

Mayawati slams govt over condition of Covid health workers
স্বাস্থ্য কৰ্মীক অৱহেলাৰ অভিযোগেৰে মায়াৱতীয়ে চৰকাৰক দিলে গৰিহনা

By

Published : Aug 13, 2020, 5:09 PM IST

Updated : Aug 13, 2020, 6:19 PM IST

নিউজ ডেস্ক, ১৩আগষ্ট: বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বহুজন সমাজ পাৰ্টিৰ প্ৰধান মায়াৱতীয়ে চৰকাৰলৈ গুৰুতৰ অভিযোগ তুলি ক'লে, ক'ৰণাত আক্ৰান্ত ৰোগীক চিকিৎসাৰ বাবে নিয়োজিত চিকিৎসক তথা অন্যান্য চিকিৎসা কৰ্মী সকলক চৰকাৰে উচিত সুবিধা প্ৰদান কৰা নাই । চিকিৎসাকৰ্মী সকলক ৰাজ্য চৰকাৰে ভয় ভাবুকিৰে কামত নিয়োজিত কৰি ৰখাৰ ফলত ৰাজ্যখনত পৰিস্থিতি অধিক ভয়াবহ হৈ পৰাহে পৰিলক্ষিত হৈছে ।

বিএচপি নেত্ৰী গৰাকীয়ে দাবী কৰা মতে, বাৰানসীত ইতিমধ্যে ৩২ গৰাকী স্বাস্থ্য কৰ্মীয়ে তেওঁলোকক পদত্যাগ পত্ৰ দাখিল কৰিছে ।

'উত্তৰ প্ৰদেশত প্ৰয়োজনীয় সুবিধাৰ অভাৱৰ কাৰণে পৰিস্থিতি অধিক বেয়াৰ ফালেহে গতি কৰিছে । ক'ৰণা আক্ৰান্ত সকলক চিকিৎসা সেৱা প্ৰদান কৰি অহা চিকিৎসক সকলক চৰকাৰে অধিক চাপ প্ৰয়োগ কৰাৰ বাবেই বাৰানসীত ৩২ গৰাকী স্বাস্থ্য কৰ্মীয়ে স্থানীয় চিকিৎসালয়ত পদত্যাগ পত্ৰ দাখিল কৰিছে । ক'ৰণাৰে যুঁজ দি থকা এই সকল স্বাস্থ্য কৰ্মীক চৰকাৰে উচিত সুবিধা প্ৰদান কৰিলে ৰাজ্যখনৰ পৰিস্থিতি বহুখিনি উন্নত হ'ব ।' এটা টুইটৰ জড়িয়তে এইদৰে উল্লেখ কৰিলে মায়াৱতীয়ে ।

উল্লেখ্য যে, উত্তৰ প্ৰদেশত বুধবাৰে এটা দিনতেই ৪,৫৮৩টা নতুন ক'ভিড আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে । ৰাজ্যখনত সক্ৰিয় হৈ থকা ক'ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৪৯,৩৪৭ টা । বৰ্তমানলৈকে সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হ'ল ৮৪,৬৬১ গৰাকী । ৰাজ্যখনত ক'ভিড আক্ৰান্ত হৈ মৃত্যু হৈছে ২,২৩০ গৰাকী ৰোগীৰ ।

Last Updated : Aug 13, 2020, 6:19 PM IST

ABOUT THE AUTHOR

...view details