নিউজ ডেস্ক, ১৮ জুনঃ লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যৰ আক্ৰমণত ২০ জনকৈ ভাৰতীয় সেনা জোৱান শ্বহীদ হোৱা ঘটনাত শোকপ্ৰকাশ কৰে বহুজন সমাজবাদী দল প্ৰধান মায়াৱতীয়ে। লগতে,চীনা সৈন্যৰ সৈতে হোৱা এই সংঘৰ্ষত প্ৰাণ হেৰুওৱা প্ৰতিজন জোৱানৰ পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই বিএছএফ নেতৃগৰাকীয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মাতৃভূমি ৰক্ষাৰ বাবে নিজৰ প্ৰাণ বিসৰ্জন দিয়া আমাৰ জোৱানসকলক দেশবাসীৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলী জনোৱা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি মায়াৱতীয়ে কয় যে- "কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে শ্বহীদ জোৱানসকলৰ পৰিয়ালক সহায় কৰাটো চৰকাৰৰ এটা বিশেষ দায়িত্ব। লগতে, তিনিমাহৰ ভিতৰত প্ৰতিজন জোৱানৰ পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি প্ৰদান কৰা উচিত।"