নেশ্যনেল ডেস্ক, ২১আগষ্ট:হিংসাত্মক ঘটনাৰ অভিকেন্দ্ৰলৈ পৰিণত হোৱা উত্তৰ প্ৰদেশৰ সকলো বিধায়কক জনতাৰ স্বাৰ্থ জড়িত বিষয়ত গুৰুত্ব প্ৰদানৰ আহ্বান জনালে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বহুজন সমাজ পাৰ্টীৰ অধ্যক্ষা মায়াৱতীয়ে। উত্তৰ প্ৰদেশত চলি থকা বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনত দলীয় ৰাজনীতিৰ পৰিৱৰ্তে জনস্বাৰ্থৰে জড়িত বিষয় উত্থাপন কৰিবলৈ টুইটযোগে অনুৰোধ জনালে। লগতে আইন ব্যৱস্থাৰ নিৰাশাজনক স্থিতিৰ ওপৰতো মনোনিৱেশ কৰিবলৈ শাসকীয় আৰু বিৰোধী উভয় পক্ষৰে বিধায়কক আহ্বান জনালে মায়াৱতীয়ে।
দলীয় ৰাজনীতিৰ পৰিৱৰ্তে জনস্বাৰ্থৰে জড়িত বিষয় উত্থাপন কৰক:মায়াৱতী - Mayawati appeals to all UP legislators
বহুজন সমাজ পাৰ্টীৰ অধ্যক্ষা মায়াৱতীয়ে উত্তৰ প্ৰদেশৰ বিধানসভাৰ অধিৱেশনত জনতাৰ স্বাৰ্থ জড়িত বিষয় উত্থাপনৰ আহ্বান জনালে বিধায়কক। দলীয় ৰাজনীতি একাষৰীয়া কৰি ৰাইজৰ হকে কাম কৰিবলৈ শাসকীয় দল আৰু বিৰোধী দলৰ বিধায়কক টুইটযোগে অনুৰোধ জনালে মায়াৱতীয়ে।
![দলীয় ৰাজনীতিৰ পৰিৱৰ্তে জনস্বাৰ্থৰে জড়িত বিষয় উত্থাপন কৰক:মায়াৱতী বিধানসভাৰ অধিৱেশনত জনস্বাৰ্থৰে জড়িত বিষয় উত্থাপন কৰক:মায়াৱতী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8502784-682-8502784-1598003604971.jpg)
বিধানসভাৰ অধিৱেশনত জনস্বাৰ্থৰে জড়িত বিষয় উত্থাপন কৰক:মায়াৱতী
টুইটত মায়াৱতীয়ে উল্লেখ কৰিছে যে, বৰ্তমান 'বিকাশ' শব্দটো উত্তৰ প্ৰদেশ চৰকাৰৰ পৰিকল্পনাৰ পৰা প্ৰায় নোহোৱা হৈ পৰিছে। নাৰী নিৰ্যাতন, দলিত, মুছলমান আৰু ব্ৰাহ্মণ সমাজৰ ওপৰত চলা শাৰিৰীক আৰু মানসিক নিৰ্যাতনৰ বিষয়ে বিধানসভাৰ অধিৱেশনত অৱতাৰণা কৰিবলৈ আহ্বান জনাইছে বহুজন সমাজ পাৰ্টীৰ অধ্যক্ষাগৰাকীয়ে। উল্লেখ্য যে, COVID-১৯ ৰ স্বাস্থ্যবিধি মানি তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন। অধিৱেশনৰ প্ৰথম দিনা মাস্ক আৰু সামাজিক দূৰত্ব বৰ্তাই অধিৱেশনত অংশগ্ৰহণ কৰিলে বিধায়কসকলে।