নেশ্যনেল ডেস্ক, 1 মে : উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শুকুৰবাৰে প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে ৰেচন কাৰ্ড বিতৰণৰ দ্বিতীয় পৰ্যায় হিচাপে 'এক ৰাষ্ট্ৰ এক ৰেচন' কাৰ্ড আঁচনি উন্মোচন কৰে ৷ মে' দিৱসৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰী গৰাকীয়ে 18 কোটি শ্ৰমিকৰ বাবে উত্তৰ প্ৰদেশত এই আঁচনি মুকলি কৰে ৷
এই আঁচনিৰ জৰিয়তে অন্য ৰাষ্ট্ৰৰ পৰা অহা শ্ৰমিকেও উত্তৰ প্ৰদেশত তেওঁলোকৰ কাৰ্ডৰ জৰিয়তে ৰেচন লাভ কৰিব পাৰিব ৷ আনহাতে, ৰেচন কাৰ্ড নথকা সকলেও খাদ্য লাভ কৰিব বুলি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷
এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে মুখ্য়মন্ত্ৰী গৰাকীয়ে কয় যে, ৰাজ্যত যথেষ্ট পৰিমাণে খাদ্য আছে আৰু কোনো লোক ভোকত থাকিব লগা নহয় ৷